দিল্লী আৰক্ষীৰ জিম্মাৰ পৰা মুকলি ৰাহুল-প্ৰিয়ংকা গান্ধী
নতুন দিল্লীৰ জন্তৰ-মন্তৰৰ সমীপত উত্তাল পৰিস্থিতি। বিৰোধী দলসমূহে সাব্যস্ত কৰা প্ৰতিবাদৰ সময়ত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধী ৱাদ্ৰাক দ্বিতীয় দিনৰ বাবে আটক কৰে দিল্লী আৰক্ষীয়ে।
অৱশ্যে আটক কৰাৰ কেইঘণ্টামান পিছতে নিশাৰ ভাগত বৰাখাম্বা ৰোড আৰক্ষী থানাৰ পৰা তেওঁলোকক মুকলি কৰি দিয়ে।

ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (SIR) প্ৰক্ৰিয়াত ব্যাপক অনিয়মৰ অভিযোগ তুলি INDIA মৰ্চাৰ জ্যেষ্ঠ সাংসদসকলে জন্তৰ-মন্তৰ অভিমুখে প্ৰতিবাদী সমদল উলিয়াইছিল। আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা দিয়াত পৰিস্থিতি উত্তপ্ত হৈ পৰে। এই সময়তে ৰাহুল, প্ৰিয়ংকাৰ উপৰি তৃণমূল কংগ্ৰেছৰ ডেৰেক অ’ব্ৰায়েনকে ধৰি কেইবাগৰাকীও বিৰোধী নেতাক আৰক্ষীৰ গাড়ীত তুলি লৈ যোৱা হয়।
আটকৰ সময়ত হাতত সংবিধানৰ কপি লৈ প্ৰিয়ংকা গান্ধীয়ে সংবাদ মাধ্যমৰ আগত কয়, *”এই দেশত সংবিধানৰ মূল্য কিমান? আমি সংবিধানৰ সুৰক্ষাৰ বাবে নিজৰ প্ৰাণো আহুতি দিবলৈ প্ৰস্তুত। ইয়াৰ বাবে যিকোনো মূল্য ভৰিবলৈ আমি পিছহুঁকি নাযাওঁ।”
উল্লেখ্য যে, ইয়াৰ পূৰ্বে মঙলবাৰেও আকাশবাণী ভৱনৰ সমীপত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সময়ত ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আৰু মৰ্চাৰ অন্যান্য নেতাসকলক দিল্লী আৰক্ষীয়ে আটক কৰিছিল।