Your Mic Your Voice

ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ উদ্যোগত বছৰি প্ৰদান কৰা হ’ব ‘ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বঁটা

0

ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ উদ্যোগত ৰায়পুৰৰ আগৰৱাল সভাই এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি আৰু অৱদানক ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে ‘ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বঁটা’ প্ৰদান কৰা হ’ব।

unimex

এই সন্দৰ্ভত ৰাজ্যপালে কয়, “অসমৰ সাহিত্য, সংগীত, নাটক আৰু চলচ্চিত্ৰ জগতলৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান অতুলনীয়। তেখেতৰ সৃষ্টিৰাজি আৰু আদৰ্শই আজিও অসমীয়া জাতিৰ সাংস্কৃতিক চেতনাক সমৃদ্ধ কৰি আহিছে। ৰূপকোঁৱৰৰ দৰে এগৰাকী মহান ব্যক্তিত্বৰ নামত এই বঁটা ঘোষণা কৰাৰ বাবে আগৰৱাল সভা, ৰায়পুৰৰ সমূহ বিষয়ববীয়া আৰু সদস্যবৃন্দক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো।”

এই পদক্ষেপে অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যক সন্মান জনোৱাৰ লগতে সাংস্কৃতিক ক্ষেত্ৰলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তিসকলক স্বীকৃতি প্ৰদানৰ ক্ষেত্ৰতো বিশেষ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে ৰাজ্যপালে।

Leave A Reply

Your email address will not be published.

Translate »