Your Mic Your Voice

ইজৰাইলে কেপ্তেইন স্মিত মছহৰক অসামৰিক বীৰত্ব বঁটাৰে সন্মানিত কৰিব

0

ভাৰতীয় পাইলট কেপ্তেইন স্মিত মছহৰক ইজৰাইলে দেশৰ সৰ্বোচ্চ অসামৰিক বীৰত্বৰ বঁটাৰে সন্মানিত কৰিবলৈ সিদ্ধান্ত লৈছে। ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰজগে বৃহস্পতিবাৰে এই ঘোষণা কৰে।

ফ্লাইদুবাইৰ FZ1073 বিমানখন দুবাইৰ পৰা তেল আভিভলৈ গৈ থকা অৱস্থাত যোৱা ৩০ ছেপ্টেম্বৰত সংঘটিত হোৱা ভয়ংকৰ ককপিট আক্ৰমণৰ ঘটনাত কেপ্তেইন মছহৰে দেখুওৱা অসীম সাহস আৰু পেছাদাৰিত্বৰ বাবে এই সন্মান দিয়া হ’ব।

ইজৰাইলৰ চৰকাৰী প্ৰেছ অফিচৰ তথ্য অনুসৰি, ৰাষ্ট্ৰপতি হাৰজগে জেৰুজালেমৰ ৰাষ্ট্ৰপতি ভৱনত ৬ গৰাকী ইজৰাইলী যাত্ৰীক ৰাষ্ট্ৰপতিৰ অসামৰিক বীৰত্বৰ পদক প্ৰদান কৰা অনুষ্ঠানত এই ঘোষণা কৰে। এই ৬ গৰাকী যাত্ৰীয়ে বিমানখন খুন্দা মাৰি ধ্বংস কৰাৰ চেষ্টা ৰোধ কৰাত সহায় কৰিছিল।

অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতি হাৰজগে কয়, “আজি আমি সন্মান জনোৱা ইজৰাইলী বীৰসকলৰ লগতে ভাৰতৰ কেপ্তেইন স্মিত মছহৰৰ সম্পূৰ্ণ আৰু দ্ৰুত আৰোগ্যৰ বাবে আমি আন্তৰিক শুভেচ্ছা জনাইছো। কেপ্তেইন মছহৰৰ অদম্য সাহস, বীৰত্ব আৰু সুদক্ষ পেছাদাৰিত্বই এই ভয়ংকৰ দুৰ্যোগ ৰোধ কৰাত সহায় কৰিলে। তেওঁ শক্তি ঘূৰাই পোৱাৰ লগে লগে ইজৰাইলৰ জনগণৰ হৈ তেওঁক ইজৰাইল ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ অসামৰিক বীৰত্ব বঁটা প্ৰদান কৰাটো মোৰ বাবে সন্মান আৰু সৌভাগ্যৰ বিষয় হ’ব।”

unimex

প্ৰাপ্ত খবৰ অনুসৰি, উৰণৰ মাজতে তেওঁৰ সহ-পাইলট, ওমানৰ নাগৰিক হামাম আল-হাম্মামীয়ে ককপিটৰ ভিতৰতে ক্ৰেছ এক্সেৰে কেপ্তেইন মছহৰক আক্ৰমণ কৰে। গুৰুতৰভাৱে আহত আৰু তেজেৰে লুতুৰি-পুতুৰি হৈও কেপ্তেইন মছহৰে ককপিটৰ দৰ্জা খুলি দিয়ে, যাৰ ফলত ইজৰাইলী যাত্ৰীসকল ভিতৰত সোমাই আক্ৰমণকাৰীক কাবু কৰিবলৈ সক্ষম হয়। ইজৰাইলৰ চোৰাংচোৱাৰ তথ্য অনুসৰি আক্ৰমণকাৰীৰ পৰিকল্পনা আছিল বিমানখন তেল আভিভলৈ নি এটা অট্টালিকাত খুন্দা মৰোৱাৰ।

বিমানখনত ১৭৪ জন যাত্ৰী আৰু ক্ৰু আছিল, য’ত ৪ জন আমেৰিকান নাগৰিক আৰু ২৭ টা শিশু আছিল। কেপ্তেইন মছহৰৰ সাহসে এক ডাঙৰ ট্ৰেজেডি ৰোধ কৰিলে।

বৰ্তমান কেপ্তেইন মছহৰ আবুধাবিৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে জনোৱা মতে তেওঁৰ স্বাস্থ্যৰ উন্নতি হৈছে আৰু তেওঁ চিকিৎসাৰ প্ৰতি ভাল সঁহাৰি জনাইছে।

এই বঁটাৰ লগতে আমেৰিকাৰ কংগ্ৰেছেও কেপ্তেইন মছহৰৰ বীৰত্বক সন্মান জনাইছে।

Leave A Reply

Your email address will not be published.

Translate »