Your Mic Your Voice

পাক সেনাক আক্ৰমণৰ ব্লুপ্ৰিণ্ট; আৰক্ষীৰ জিম্মাত পশ্চিমবংগৰ যুৱক

0

কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত এজন ২৫ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে । নিৰাপত্তাৰক্ষী হিচাপে কাম কৰা পশ্চিম বংগৰ এই লোকজন নিষিদ্ধ পাকিস্তানী সংগঠন তেহৰিক-ই-তালিবান পাকিস্তানৰ সহযোগত পাকিস্তান সেনাবাহিনীক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰি থকাৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে । আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে সন্দেহযুক্ত লোকজনে আফগানিস্তানলৈও যোৱাৰ পৰিকল্পনা কৰিছিল যদিও সেয়া সফল নহ’ল ।

অভিযুক্ত নিৰাপত্তাৰক্ষীগৰাকীৰ নাম আছফুল মালিক বিন আবেদ মালিক । অভিযুক্তজন পশ্চিম বংগৰ ২৪ উত্তৰ পৰগনা জিলাৰ নৌপাৰ গাঁৱৰ । যোৱা ১১ আগষ্টত বোম্মাচন্দ্ৰ ঔদ্যোগিক এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্তক ।

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি আছফুল মালিকৰ পৰিকল্পনা সন্দৰ্ভত আৰক্ষীয়ে চোৰাংচোৱাৰ তথ্য লাভ কৰাৰ পিচতেই আজফুলক গ্ৰেপ্তাৰ কৰা হয় । ভাৰতীয় দণ্ডবিধিৰ (BNS ২০২৩) ধাৰা ১১৩(৩) (সন্ত্ৰাসবাদী কাৰ্য সংঘটিত বা সংঘটিত কৰাৰ ষড়যন্ত্ৰ ইত্যাদি)ৰ অধীনত বেংগালুৰুৰ হেব্বাগোডী থানাত আছফুলৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰা হৈছে ।

পাক সেনাৰ প্ৰতি তীব্ৰ ঘৃণা

আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে অভিযুক্তই পাকিস্তানৰ মছজিদ আৰু মানুহৰ ওপৰত পাকিস্তানী সেনাই সংঘটিত কৰা কথিত অত্যাচাৰ সন্দৰ্ভত সামাজিক মাধ্যম বিশেষকৈ ফেচবুকৰ জৰিয়তে নিজৰ অনুভৱ প্ৰকাশ কৰি আহিছিল বুলি অভিযোগ উঠিছে । তদন্তত প্ৰকাশ পাইছে যে ইজৰাইল-পেলেষ্টাইন সংঘাতত পাকিস্তানী সেনাই ইজৰাইলক সহায় আগবঢ়োৱাৰ বাবে তেওঁ ক্ষুব্ধ হৈ পৰিছিল, আনহাতে ইছলামিক পেলেষ্টাইনীসকলক সহায় কৰা নাছিল বুলিও ক্ষোভ প্ৰকাশ কৰিছিল ।

unimex

আফগানিস্তানলৈ যোৱাৰ পৰিকল্পনা আছিল

নিৰাপত্তাৰক্ষী আছফুল মালিকেও ফেচবুকৰ জৰিয়তে পাকিস্তানী নিষিদ্ধ টিটিপিৰ সদস্য ইমৰাণ আহিন্দৰৰ সৈতে যোগাযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে । ইমৰাণ থাকে আফগানিস্তানত । পাকিস্তান-আফগানিস্তান সীমান্তৰ পৰাও টিটিপিয়ে পাকিস্তানৰ বিৰুদ্ধে অভিযান চলায় ।

পাক সেনাক আক্ৰমণৰ বাবে সহায়

আৰক্ষীৰ মতে, আছফুলে পাকিস্তান সেনাবাহিনীক আক্ৰমণ কৰিবলৈ ইমৰাণ অহিন্দৰৰ পৰা সহায় বিচাৰিছিল আৰু আফগানিস্তানলৈ যোৱাৰ পৰিকল্পনা কৰিছিল । পৰিকল্পনা অনুসৰি তেওঁ পাছপ’ৰ্ট আৰু ভিছাৰ বাবে আবেদন কৰিছিল । অৱশ্যে আফগানিস্তানলৈ যাব পৰা নাছিল আছফুল ।

বেংগালুৰু আৰক্ষীৰ তদন্তত আছফুলৰ মোবাইল ফোনত পাকিস্তানী সেনাবাহিনীৰ ওপৰত আক্ৰমণৰ সৈতে জড়িত বাৰ্তা আৰু অডিঅ’ ৰেকৰ্ডিংকে ধৰি স্পৰ্শকাতৰ তথ্য উন্মোচিত হৈছে ।

Leave A Reply

Your email address will not be published.

Translate »