Your Mic Your Voice

বানপীড়িত শিক্ষাৰ্থীৰ বাবে বিশেষ ঘোষণা ৰাজ্য চৰকাৰৰ

0

ৰাজ্যৰ শেহতীয়া বানৰ ফলত বন্যাৰ্তৰ মাজত আলৈ-আহুকালৰ সীমা নাইকিয়া হৈ পৰিছে । ঘৰ-দুৱাৰৰ লগতে এই বানে নিশ্চিহ্ন কৰি পেলালে শিক্ষাৰ্থীৰ বাবে বহু মূল্যবান পৰীক্ষাত অবতীৰ্ণ হোৱা প্ৰমাণ পত্ৰ, মাৰ্কশ্বীট, এডমিট কাৰ্ডৰ লগতে পঞ্জীয়ন কাৰ্ড । এই দিশলৈ লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এটি গুৰুত্বপূৰ্ণ পদক্ষেপ ।

চৰকাৰে গ্ৰহণ কৰা এক সিদ্ধান্ত অনুসৰি বানত ক্ষতিগ্ৰস্তসকলক হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাই মাদ্ৰাছা পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ প্ৰমাণ পত্ৰ, মাৰ্কশ্বীট, এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ ডুপ্লিকেট কপি প্ৰদান কৰা হ’ব ৷ এই ডুপ্লিকেট কাৰ্ড লাভ কৰিবৰ বাবে তেওঁলোকে বানত আক্ৰান্ত হোৱাৰ প্ৰমাণ দেখুৱাই আবেদন কৰিব লাগিব ৷ আৰক্ষীৰ কোনোধৰণৰ ৰিপ’ৰ্টৰ প্ৰয়োজন নাই ৷ এক জাননীযোগে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা সংসদক এই নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই X ত এটা পোষ্টত লিখিছে- ‘‘কালি ঘোষণা কৰা অনুসৰি চাৰিখন জিলাৰ বানপীড়িত ছাত্ৰ-ছাত্ৰীক ডুপ্লিকেট এডমিট কাৰ্ড, মাৰ্কশ্বীট আৰু অন্যান্য নথি-পত্ৰ বিনামূলীয়াকৈ প্ৰদানৰ বাবে অধিসূচনা জাৰি কৰা হৈছে । কোনো ধৰণৰ আৰক্ষীৰ ৰিপৰ্টৰ প্ৰয়োজন নাই । বানপীড়িতই নিজেই ক’লেই হ’ব ।’’

unimex

ইফালে মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষাৰ্থীক পাঠ্যপুথি বিতৰণৰ সন্দৰ্ভতো এক ঘোষণা কৰে ৷ মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি বানৰ দ্বাৰা প্ৰভাৱিত শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া ইউনিফৰ্ম, পাঠ্যপুথি আৰু আৰ্থিক সাহায্যৰ এক পেকেজ আগবঢ়োৱা হ’ব ৷

শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এটা পোষ্টত উল্লেখ কৰিছে- ‘‘শেহতীয়া বানপানীত শৈক্ষিক নথি-পত্ৰ হেৰুওৱা ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰিবলৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা/হাই মাদ্ৰাছা পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূডান্ত পৰীক্ষা উত্তীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ, এডমিট কাৰ্ড, মাৰ্কশ্বীট আৰু পঞ্জীয়ন পত্ৰৰ বাবে ডুপ্লিকেট কপি প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে ব’ৰ্ডে ৷ চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ পৰা বানাক্ৰান্ত লোকসকলে লাভ কৰিব এই সুবিধা ।’’

মন্ত্ৰী পেগুৱে লগতে উল্লেখ কৰে , ‘‘আবেদনকাৰীয়ে বানপীড়িত ব্যক্তি হিচাপে প্ৰমাণপত্ৰ আপলোড কৰি অনলাইনত আবেদন কৰিব পাৰে- ইয়াৰ বাবে আৰক্ষীৰ পৰীক্ষণ প্ৰতিবেদনৰ প্ৰয়োজন নাই ৷ এই বিশেষ সাহায্য ব্যৱস্থাৰ লক্ষ্য হৈছে ক্ষতিগ্ৰস্ত ছাত্ৰ-ছাত্ৰীসকলে সন্মুখীন হোৱা অসুবিধাসমূহ লাঘৱ কৰা ।’’

শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিদ্যালয়সমূহে প্ৰাথমিকৰ পৰা দশম শ্ৰেণী পৰ্যন্ত শিক্ষাৰ্থীক পাঠ্যপুথি আৰু ইউনিফৰ্ম আগবঢ়োৱাৰ বাবে পুঁজি লাভ কৰিব ৷ অহা ১ আগষ্টৰ পৰা তেওঁলোকে এই পুঁজি লাভ কৰিব ৷ শিক্ষাৰ্থীসকলক সহায়ৰ বাবে অসম চৰকাৰে আৰ্থিক অনুদানৰো এক পদক্ষেপ গ্ৰহণ কৰিছে ৷

Leave A Reply

Your email address will not be published.

Translate »