সৰভোগৰ বৰনগৰ জুৰোৰাম পাঠক বিদ্যালয়ত বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ সভা
বৰপেটা জিলাৰ সৰভোগৰ বৰনগৰ জুৰোৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত শনিবাৰে উপস্থিত হয় অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ-সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস।
বিদ্যালয়খনত আয়োজিত এক মত-বিনিময় সভাত তেওঁ শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক-অভিভাৱিকা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মিলিত হয়।

সভাত বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ উন্নতকৰণ, ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ মানদণ্ড আৰু বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বিভিন্ন বিষয়ক লৈ বিস্তৃত আলোচনা কৰা হয়।
বিধায়কগৰাকীয়ে বিদ্যালয়খনৰ বিভিন্ন দিশৰ বুজ লোৱাৰ লগতে শিক্ষাৰ উত্তৰণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ আশ্বাস দিয়ে।