মিছামাৰী সেনা চাউনিত শ্ৰমিকৰ প্ৰতিবাদ

শোণিতপুৰ: শোণিতপুৰ জিলাৰ মিছামাৰী সেনা চাউনীৰ ষ্টেচন হেডকোৱাৰ্টাৰত শ্ৰমিকসকলৰ প্ৰতিবাদক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰতিকূল বতৰকো নেওচি শ শ শ্ৰমিক চাউনীৰ সন্মুখত সমবেত হৈ বিভিন্ন দাবী উত্থাপন কৰে।

শ্ৰমিকসকলৰ অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি কাম কৰি অহা প্ৰায় ২৫০গৰাকী শ্ৰমিকক কামৰ পৰা আঁতৰাই নতুন শ্ৰমিক নিযুক্তি দিয়াক কেন্দ্ৰ কৰি এই প্ৰতিবাদৰ সূত্ৰপাত হয়। মুঠ প্ৰায় ৫৪০গৰাকী শ্ৰমিকৰ ভিতৰত ২৫০গৰাকীক কামৰ পৰা অব্যাহতি দিয়াৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে।

ইয়াৰ উপৰি শ্ৰমিকসকলে লাভ কৰা হাজিৰাৰ ধনৰ পৰা দুদিনৰ দৰমহা কৰ্তন কৰাৰো অভিযোগ উত্থাপন হৈছে।

শ্ৰমিকসকলৰ প্ৰতিবাদৰ ফলত মিছামাৰী ষ্টেচন হেডকোৱাৰ্টাৰ চৌহদত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়।

শ্ৰমিকসকলে তেওঁলোকৰ চাকৰি, দৰমহা কৰ্তনৰ তদন্ত কৰি বিষয়টো স্পষ্ট কৰাৰ দাবী জনাইছে।

Comments (0)
Add Comment