নলবাৰী: অসমৰ ঔদ্যোগিক ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই
আজি নলবাৰীৰ বানেকুছিত পেচিকো ইণ্ডিয়াৰ ৭৭৮ কোটি টকীয়া অত্যাধুনিক আলু চিহ্ন প্রস্তুতকাৰী উদ্যোগটি আনুষ্ঠানিকভাবে উদ্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে এই বৃহৎ প্রকল্পটোৰ বিভিন্ন খণ্ড পরিদর্শন কৰি কাৰ্যপ্রণালীৰ বুজ লোৱাৰ লগতে প্রকল্পস্থলীত এজোপা গছপুলিও ৰোপন কৰে।
ৰাজ্যৰ খাদ্য সংসাধন ক্ষেত্রত এক অন্যতম বৃহৎ বিনিয়োগৰূপে পৰিগণিত হোৱা এই বিশাল উদ্যোগৰ শুভ উদ্বোধনী উপলক্ষে নতুন দেহৰ মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত সমবেত ৰাইজক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আধাৰশিলা স্থাপন কৰাৰ মাত্র তিনি বছৰৰ অভিলেখ সময়ৰ ভিতৰতে এই বৃহৎ প্রকল্পটো কার্যক্ষম কৰি তোলাটো সমগ্ৰ অসমৰ বাবে অত্যন্ত গৌৰৱ আৰু আনন্দৰ বিষয়। ২০২৩ চনৰ ৬ ছেপ্টেম্বৰত তৎকালীন উদ্যোগ মন্ত্রী তথা স্থানীয় বিধায়ক চন্দ্রমোহন পাটোৱাৰীৰ সৈতে বানেকুছিলৈ আহি এই প্রকল্পৰ আধাৰশিলা স্থাপন কৰাৰ কথা স্মৰণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আধাৰশিলা আৰু উদ্বোধন-দুয়োটা কাৰ্য সমাপনৰ সুযোগ পোৱাটো সৌভাগ্যৰ কথা আৰু এই সুযোগ প্রদানৰ বাবে পেচিকো কোম্পানীক তেওঁ ধন্যবাদ জ্ঞাপন কৰে।
ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে গৌৰৱেৰে উল্লেখ কৰে যে ইতিপূর্বে বজাৰত উপলব্ধ চিহ্নৰ পেকেটবোৰত সাধাৰণতে ‘মেনুফেকচার্ড ইন উত্তৰ প্ৰদেশ’, ‘মেনুফেকচার্ড ইন মহাৰাষ্ট্ৰ’ বা ‘মেনুফেকচার্ড ইন কর্ণাটক’ বুলি লিখা থাকে। কিন্তু এতিয়াৰে পৰা দেশৰ কোটি কোটি গ্রাহকে ক্ৰয় কৰা পেচিৰ চিৰ পেকেটত গৌৰৱেৰে জিলিকি থাকিব ‘মেড ইন বানেকুছি, নলবাৰী, আছাম’। এই চিছ সমগ্র দেশলৈ যাব আৰু ইয়াৰ জৰিয়তে অসমৰ নাম ৰাষ্ট্ৰীয় ঔদ্যোগিক মানচিত্রত বিশেষভাবে উজলি উঠিব। মুখ্যমন্ত্রীয়ে জনায় যে নলবাৰী জিলাৰ বানেকুছিত প্রায় ১২০ বিঘা মাটিত ৭৭৮ কোটি টকাৰ বিশাল বিনিয়োগেৰে পেচিকো কোম্পানীয়ে এই উদ্যোগটো গঢ়ি তুলিছে। তেওঁ কয় যে এই উদ্যোগত ইতিমধ্যে ২০০ৰো অধিক প্রত্যক্ষ আৰু ৫০০ৰো অধিক পৰোক্ষ সংস্থাপনৰ ব্যৱস্থা হৈছে। ইয়াৰ ভিতৰত আটাইতকৈ উল্লেখনীয় আৰু প্ৰেৰণাদায়ী দিশটো হ’ল- ইয়াত নিয়োজিত কৰ্মচাৰীসকলৰ ৭৫ শতাংশই হৈছে মহিলা। ইতিমধ্যে ১২০ গৰাকী মহিলাক বিশেষভাৱে ডিজিটেল দক্ষতা বিকাশৰ প্রশিক্ষণো প্ৰদান কৰা হৈছে। ইয়াৰ উপৰি বছৰটোৰ সকলো সময়তে আলু মজুত ৰখাৰ সুবিধাৰ্থে ‘ব’জ ফ্র’জেন চেইন ছলিউচন’ নামৰ সহযোগী প্রতিষ্ঠানে ৩৫ কোটি টকা ব্যয়েৰে ১০ হাজাৰ মেট্রিকটন ধাৰণ ক্ষমতাসম্পন্ন এটা অত্যাধুনিক শীতলীকৰণ ভঁৰাল নিৰ্মাণ কৰিছে, য’ত অতিৰিক্ত ৪৫ টা প্রত্যক্ষ আৰু ১৫০ টা পৰোক্ষ সংস্থাপনৰ সৃষ্টি হৈছে।
মুখ্যমন্ত্রীয়ে কয় যে এই কাৰখানাটোৰ আটাইতকৈ ডাঙৰ লক্ষ্য কেৱল উদ্যোগৰ ভিতৰৰ সংস্থাপনতেই সীমাবদ্ধ নহয়, ইয়াৰ প্ৰকৃত উদ্দেশ্য হৈছে ৰাজ্যখনৰ কৃষকসকলক আত্মনিৰ্ভৰশীল কৰি তোলা। সাধাৰণ খাদ্য বা তৰকাৰীৰ বাবে ব্যৱহাৰ কৰা আলুতকৈ চিন্থ প্রস্তুত কৰা ‘পটেট’ চিহ্ন গ্রেড’ আলু পৃথক আৰু ইয়াৰ বাবে বিশেষ উন্নত প্ৰজাতিৰ বীজৰ প্ৰয়োজন হয়। পেচিকো কোম্পানীক বর্তমান বার্ষিক ৩০ হাজাৰ মেট্রিকটন আলুৰ প্ৰয়োজন আৰু ২০৩০ চনৰ ভিতৰত এই বার্ষিক চাহিদা ৭০ হাজাৰ মেট্রিকটনলৈ বৃদ্ধি পাব। নলবাৰী, কামৰূপ আৰু দৰঙৰ কৃষকসকলে এই বিশেষ আলুৰ খেতি কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গুজৰাট বা পশ্চিমবংগৰ পৰা কেঁচামাল আনি ইয়াত চিহ্ন প্রস্তুত কৰিলে উদ্যোগটোৰ মূল সার্থকতা নাথাকিব। থলুৱা কৃষকে খেতি কৰিলে বজাৰ নোপোৱা বা দৰ হ্ৰাস হোৱাৰ কোনো শংকা নাথাকিব, কাৰণ পেচি কোম্পানীয়ে নিশ্চিতভাৱে এই সকলো আলু নিৰ্ধাৰিত দৰত ক্ৰয় কৰিব। কেৱল এই উদ্যোগটোৰ জৰিয়তেই প্রায় ৫ হাজাৰ কৃষক পৰিয়াল পোনপটীয়াকৈ উপকৃত হ’ব পাৰিব। যদি কৃষকে পর্যাপ্ত আলু উৎপাদন কৰিব পাৰে, তেন্তে ভবিষ্যতে অসমত এই ধৰণৰ বৃহৎ কাৰখানা স্থাপনৰ পথ মুকলি হ’ব বুলিও তেওঁ কয়।
কৃষকসকলৰ সুৰক্ষা আৰু আৰ্থিক সকাহৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা সুনির্দিষ্ট পদক্ষেপৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্রাকৃতিক দুর্যোগ, অতিপাত বৰষুণ বা বানপানীৰ ফলত হোৱা ক্ষতিৰ পৰা কৃষকক সকাহ দিবলৈ কৃষি বিভাগে এই বিশেষ আলু খেতিক ‘ফচল বীমা যোজনা’ৰ আওতালৈ আনিব। দ্বিতীয়তে, খেতিৰ বাবে প্ৰথমবাৰৰ উন্নত জাতৰ বীজ ক্ৰয়ৰ সুবিধাৰ্থে কৃষকসকলক কিষাণ ক্রেডিট কার্ডৰ জৰিয়তে সাহায্য প্ৰদানৰ উদ্দেশ্যে অসম চৰকাৰ, পেচিকো আৰু ষ্টেট বেংক অব ইণ্ডিয়াৰ মাজত ত্ৰিপাক্ষিক বুজাবুজি চুক্তি সম্পন্ন কৰা হৈছে। তৃতীয়তে, চৰকাৰৰ ফালৰ পৰাও কৃষকক অতিৰিক্ত আর্থিক সাহায্য বা ৰাজসাহায্য আগবঢ়োৱাৰ বিষয়ে চৰকাৰে চিন্তা-চর্চা চলাই আছে। একেদৰে দুগ্ধ খণ্ডৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বহিঃৰাজ্যৰ পৰা গাখীৰ অনাৰ পৰিৱৰ্তে ৰাজ্যৰ গাঁৱে গাঁৱে দুগ্ধ সমবায় সমিতি গঠন কৰি প্ৰতি লিটাৰ গাখীৰত চৰকাৰৰ তৰফৰ পৰা ৫ টকাকৈ ৰাজসাহায্য প্রদান কৰা হৈছে আৰু এই সাহায্য আৰু বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে। বজালীত দৈনিক আঢ়ৈ লাখ লিটাৰ গাখীৰ সংসাধন কৰিব পৰা এক বিশাল প্রকল্প স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে বুলিও তেওঁ সদৰী কৰে।
ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে অত্যন্ত সংবেদনশীলতাৰে ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীৰ বহিঃৰাজ্যলৈ কৰা প্ৰব্ৰজনৰ প্ৰসংগ উল্লেখ কৰে। তেওঁ কয় যে অসমৰ ল’ৰা-ছোৱালীয়ে কর্মসংস্থাপনৰ সন্ধানত বাংগালুৰু, হায়দৰাবাদ, মুম্বাই বা কেৰালালৈ গৈ নানা দুখ-কষ্টৰ মুখামুখি হ’বলগীয়া হয়। আন ৰাজ্যত ভাষাৰ সমস্যাৰ সন্মুখীন হোৱাৰ লগতে ৰোগাক্রান্ত হ’লে উপযুক্ত চিকিৎসাৰ অভাৱত বহু যুৱক-যুৱতীয়ে অকাল মৃত্যুকো সাৱটি ল’ব লগা হয়। ৰাজ্য চৰকাৰে বহিঃৰাজ্যত মৃত্যুবৰণ কৰা এনে যুৱক-যুৱতীৰ মৃতদেহ চৰকাৰী খৰচত সন্মানেৰে অসমলৈ ওভতাই অনাৰ বাবে আঁচনি আৰম্ভ কৰিছিল আৰু ইয়াৰ অধীনত কোনো কোনো মাহত ৫০টাতকৈও অধিক মৃতদেহ অসমলৈ ওভতাই আনিবলগীয়া হয়, যি অত্যন্ত বেদনাদায়ক। মুখ্যমন্ত্রীয়ে কয় যে কেৱল মৃতদেহ উভতাই অনাটোৱেই চৰকাৰৰ দায়িত্ব বা সমাধান হ’ব নোৱাৰে; আমাৰ ল’ৰা-ছোৱালীয়ে যাতে পিতৃ-মাতৃৰ লগত থাকি, নিজৰ ৰাজ্যখনতে সন্মানসহকাৰে কাম কৰিব পাৰে, তাৰ বাবে ৰাজ্যত এটা সুস্থ উদ্যোগীকৰণৰ পৰিৱেশ গঢ়ি তোলাটোহে একমাত্র স্থায়ী সমাধান। পেচি, টাটা, আদানী বা আম্বানীৰ দৰে উদ্যোগ অসমলৈ নাহিলে ৰাজ্যখনৰ যুৱপ্ৰজন্মই ক’ত সংস্থাপন পাব বুলিও তেওঁ প্রশ্ন কৰে।
অসমৰ বিকাশ ত্বৰান্বিত কৰাৰ বাবে লোৱা অভিলাষী পদক্ষেপৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে বর্তমান হাইড্র ‘কার্বন আৰু পেট্র’কেমিকেল খণ্ডত ২ লাখ ৮৬ হাজাৰ কোটি, শক্তি খণ্ডত ১ লাখ কোটি, আন্তঃগাঁথনিত ৫৫ হাজাৰ কোটি, খনিজ খণ্ডত ৫৩ হাজাৰ কোটি আৰু ইলেক্ট্রনিক্স খণ্ডত প্রায় ৩০ হাজাৰ কোটি টকাৰ বিনিয়োগ অসমলৈ আহিছে আৰু ইয়াৰে ৩ লাখ কোটি টকাৰ বিনিয়োগ ইতিমধ্যে বাস্তৱায়িত হৈছে। ইয়াৰ ফলত ৰাজ্যৰ প্ৰায় এক লাখ যুৱক-যুৱতীৰ কৰ্মসংস্থাপন নিশ্চিত হ’ব বুলি তেওঁ কয়। এই ঔদ্যোগিক বিকাশৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি অহা ২০ তাৰিখে ধুবুৰী জিলাৰ চাপৰত অতিশীঘ্ৰে ৫০ হাজাৰ কোটি টকাৰ থাৰ্মেল পাৱাৰ প্লাণ্টৰ কাম আৰম্ভ হ’ব, নামৰূপত ১২ লাখ মেট্রিক টন ক্ষমতাৰ নতুন সাৰ কাৰখানা নিৰ্মাণ কৰা হ’ব, নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ অহা বছৰ সম্পূৰ্ণ হ’ব আৰু চলিত বছৰৰ ডিচেম্বৰ মাহত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত জাগীৰোডৰ ঐতিহাসিক ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ কাম-কাজৰো শুভাৰম্ভ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। এই উদ্যোগসমূহ কার্যক্ষম হোৱাৰ লগে লগে সংশ্লিষ্ট জিলাসমূহৰ পৰা অন্ধ্রপ্রদেশ বা কর্ণাটকলৈ কর্মসংস্থাপনৰ বাবে যোৱা যুৱক-যুৱতীৰ সংখ্যা শূন্যলৈ নামি আহিব বুলি তেওঁ আশা প্রকাশ কৰে।
নিযুক্তি আৰু স্বাৱলম্বিতাৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপৰ কথা উল্লেখ কৰি তেওঁ কয় যে ইতিমধ্যে ১.৫ লাখ চৰকাৰী নিযুক্তি প্রদান কৰাৰ পাছত এইবাৰ পুনৰ ২ লাখ চৰকাৰী নিযুক্তিৰ প্ৰক্ৰিয়া হাতত লোৱা হৈছে। একেদৰে ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান’ৰ জৰিয়তে যুৱক-যুৱতীক বন্ধকীবিহীনভাবে ২ লাখ টকাকৈ পুঁজি প্ৰদান কৰা হৈছে আৰু এই বছৰৰ শেষৰ ফালে আবেদন গ্রহণ কৰি ৰাজ্যৰ প্ৰায় ৭-৮ লাখ যুৱক-যুৱতীক এই আত্মনিৰ্ভৰ অভিযানৰ আওতালৈ অনা হ’ব। উদ্যোগ, স্ব-সংস্থাপন আৰু কৃষিৰ এক উমৈহতীয়া পৰিৱেশ নির্মাণ কৰি যুৱপ্ৰজন্মক অসমৰ ভিতৰতে সংস্থাপন দিয়া হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে নলবাৰীত স্থাপন হোৱা এটা উদ্যোগে যদি ৫ হাজাৰ কৃষক পৰিয়ালক পোহপাল দিব পাৰে, তেন্তে অসমত ২০ টা এনে উদ্যোগ গঢ় লৈ উঠিলে প্রায় ১ লাখ কৃষকে স্বাৱলম্বী হৈ জীৱন-যাপন কৰিব পাৰিব।
নলবাৰী জিলাৰ উন্নয়নৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে জিলাখনৰ মহিলা আত্মসহায়ক গোটসমূহক ২৫ হাজাৰ টকাকৈ আর্থিক সাহায্য দিয়াৰ পৰা আৰম্ভ কৰি যুৱক-যুৱতীসকলক অনুদান আৰু ঋণ প্রদানেৰে নলবাৰীৰ সর্বাংগীণ বিকাশ সাধন কৰা হ’ব বুলি প্রতিশ্রুতি দিয়ে। বানেকুছি অঞ্চলৰ ভৌগোলিক সুৰক্ষাৰ বাবে অসম চৰকাৰে যুদ্ধকালীন তৎপৰতাৰে বান প্ৰতিৰোধী মথাউৰি আৰু সুন্দৰ পকী পথ নিৰ্মাণ কৰি যোগাযোগ ব্যৱস্থা উন্নত কৰি তুলিছে বুলিও তেওঁ জনায়। তেওঁ পেচিকো ইণ্ডিয়াক অভিলেখ সময়ৰ ভিতৰত উদ্যোগটো নির্মাণ কৰাৰ বাবে, স্থানীয় মহিলা সবলীকৰণৰ পদক্ষেপ লোৱাৰ বাবে আৰু পৰিৱেশ সজাগতা বজাই ৰখাৰ বাবে অসমবাসীৰ হৈ ধন্যবাদ আৰু সাধুবাদ জ্ঞাপন কৰে।
আজিৰ এই উদ্বোধনী অনুষ্ঠানত বিত্ত আদি বিভাগৰ মন্ত্রী জয়ন্ত মল্লবৰুৱা, দক্ষতা বিকাশ, নিয়োগ আৰু উদ্যমিতা আদি বিভাগৰ মন্ত্ৰী তথা নলবাৰী জিলাৰ অভিভাৱক মন্ত্রী বিশ্বজিৎ দৈমাৰী, বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী, নাৰায়ণ ডেকা আৰু তৰংগ গগৈৰ উপৰি প্ৰশাসনৰ উচ্চপদস্থ বিষয়া, পেচিকো ইণ্ডিয়াৰ ভাৰত তথা দক্ষিণ এছিয়াৰ মুখ্য কার্যবাহী বিষয়া জাগ্ৰত কোতেচাকে ধৰি উদ্যোগটোৰ প্ৰতিনিধিবর্গ আৰু সহস্রাধিক স্থানীয় কৃষক ৰাইজ উপস্থিত থাকে।