বৰপেটা : বৰপেটা জিলা সাহিত্য সভাৰ উদ্যোগত অম্বিকা চৌধুৰীৰ সোঁৱৰণত বৃহস্পতিবাৰে স্মৃতিচাৰণ আৰু স্মৃতিগ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় ।
জ্যেষ্ঠ ভগ্নী অম্বিকা চৌধুৰীৰ সোঁৱৰণত জ্যেষ্ঠ অধিবক্তা গিৰিধৰ চৌধুৰীৰ পাঠশালাস্থিত বাসগৃহত আজি অনুষ্ঠিত হয় স্মৃতিচাৰণ সভা। সভাখনত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত বি এইচ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক মুনিন্দ্ৰ নাৰায়ণ গোস্বামীয়ে। সভাত উপস্থিত থাকে বৰপেটা জিলা সাহিত্য সভাৰ বিষয়ববীয়াৰ লগতে বজালীৰ বিশিষ্ট ব্যক্তিসকল।
৩০ আগষ্টত ইহলীলা সম্বৰণ কৰা অম্বিকা চৌধুৰী আছিল আজীৱন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্যা। অতিথি পৰায়ণ, মৰমীয়াল স্বভাৱৰ অম্বিকা চৌধুৰীয়ে বটবৃক্ষৰ দৰে আৱৰি আছিল পৰিয়ালটোক। অম্বিকা চৌধুৰীৰ বিয়োগে এগৰাকী অভিভাৱিকা হেৰুৱালে জ্যেষ্ঠ অধিবক্তা গিৰিধৰ চৌধুৰীৰ পৰিয়ালে।। পিতৃ-মাতৃৰ মৃত্যুৰ পিছত যেন অম্বিকা চৌধুৰীয়ে পালন কৰিছিল অভিভাৱকৰ ভূমিকা।।
জ্যেষ্ঠ অধিবক্তা গিৰিধৰ চৌধুৰীৰ পৰিয়ালটোক শৈক্ষিক, আধ্যাত্মিক আৰু সাংস্কৃতিক দিশত আগবঢ়াই থৈ যোৱা অম্বিকা চৌধুৰীৰ ব্যক্তিত্ব পাঠশালাবাসীৰ বাবে হ’ব প্ৰেৰণা।।
আজি এই মহান নাৰীগৰাকীৰ স্মৃতিত বৰপেটা জিলা সাহিত্য সভাই প্ৰকাশ কৰা”স্মৃতিৰ আলোকমালা” গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাংবাদিক অঞ্জন কুমাৰ শৰ্মাই।। স্মৃতিচাৰণ সভাত অম্বিকা চৌধুৰীৰ জীৱনৰ ওপৰত আলোকপাত কৰে সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে।