সোণাপুৰ: গাড়ী চুৰিৰ সন্দেহত আৰক্ষীৰ অভিযানৰ মাজতে সোণাপুৰৰ মৰকদলাত পুৱতি নিশা সংঘটিত গুলীচালনাৰ ঘটনাত দুজন লোক নিহত হৈছে। আৰক্ষীৰ ভাষ্য অনুসৰি, গাড়ী চুৰিৰ চেষ্টা কৰি পলায়নৰ সময়ত আৰক্ষীৰ সৈতে হোৱা গুলীয়াগুলীত লোক দুজন গুলীবিদ্ধ হয়। ঘটনাস্থলীৰ পৰা আন এজন সন্দেহযুক্ত লোক পলায়ন কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে।
নিহত দুজনক ছাইদুল আলম লস্কৰ আৰু বাবু সিং বুলি চিনাক্ত কৰা হৈছে। ছাইদুল আলম লস্কৰৰ ঘৰ কাছাৰত আৰু বাবু সিঙৰ ঘৰ মণিপুৰৰ ইম্ফলত বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, গুৱাহাটীৰ পাণবজাৰৰ পৰা বাহন চুৰিৰ চেষ্টা চলোৱাৰ অভিযোগ পোৱাৰ পাছতে পাণবজাৰ আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। আৰক্ষীৰ খেদাত সন্দেহযুক্ত লোককেইজনে আমচিং আৰু ডিগাৰু হৈ সোণাপুৰৰ দিশে পলায়নৰ চেষ্টা কৰে।
মৰকদলাত আৰক্ষীয়ে নাকা চেকিং চলাই থকাৰ সময়তে সন্দেহযুক্ত লোককেইজন গৈ থকা বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয়। ইয়াৰ পাছতে আৰক্ষী আৰু সন্দেহযুক্ত লোকসকলৰ মাজত গুলীচালনা সংঘটিত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
ঘটনাস্থলীৰ পৰা দুটা পিষ্টল আৰু কেইবাটাও ম’বাইল ফোন উদ্ধাৰ কৰা বুলি আৰক্ষীয়ে দাবী কৰিছে। লগতে ঘটনাস্থলীৰ পৰা পলায়ন কৰা আন এজন লোকৰ সন্ধানত অভিযান অব্যাহত আছে।
আৰক্ষীৰ প্ৰাথমিক সন্দেহ অনুসৰি, নিহত ছাইদুল আলম লস্কৰ গাড়ী চুৰিৰ এটা চক্ৰৰ সৈতে জড়িত আছিল আৰু তেওঁক চক্ৰটোৰ ‘মাষ্টাৰমাইণ্ড’ বুলি সন্দেহ কৰা হৈছে। অৱশ্যে এই দাবীৰ সত্যতা তদন্ত সম্পূৰ্ণ নোহোৱালৈকে নিশ্চিত হোৱা নাই।
বৰ্তমান দুয়োটা মৃতদেহ সোণাপুৰ জিলা চিকিৎসালয়ত ৰখা হৈছে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।