দুদিন পূৰ্বে সীমা বিবাদক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছিল অসম-অৰুণাচল সীমান্ত । ইয়াৰ পাচতে ক্ষোভিত হৈ পৰিছে অসমৰ বিভিন্ন জাতীয় দল-সংগঠন । অসমীয়াৰ ওপৰত অৰুণাচলীয়ে কৰা আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ জনাই অসম-অৰুণাচল সীমান্ত গহপুৰৰ ৰাজগড়ত অৰুণাচলী প্ৰৱেশদ্বাৰেৰে কোনো যান-বাহন পাৰ হ’বলৈ দিয়া নাই মিচিং সংগঠন TMPK এ ।
চৰকাৰ-প্ৰশাসনৰ পৰা সুদুত্তৰৰ দাবীত প্ৰতিবাদত বহিছে TMPK ৰ লগতে দেউৰী পিপল জাষ্টিচ ফ’ৰাম । গুলীবিদ্ধ লোকৰ আশু -আৰোগ্য কামনা কৰি TMPK ৰ নেতৃত্বই অনাকাংশিত ঘটনাৰ সৈতে জড়িতসকলক শীঘ্ৰে অৰুণাচল চৰকাৰে কৰায়ত্ত কৰি অসম চৰকাৰক গতাই দিয়াৰ আহ্বান জনাইছে ।
দেউৰী পিপল জাষ্টিচ ফ’ৰামৰ নেতৃত্বই এই ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি সমগ্ৰ ঘটনাটোক গৰিহণা দিয়ে । নেতৃত্বই কয়, “আমি অসমীয়া জাতি ইমান দুৰ্বলো নহয় । আমি মনে মনে থাকিব পাৰো কিন্তু দুৰ্বল নহয় । অৰুণাচল প্ৰশাসন সম্পূৰ্ণ ব্যৰ্থ । আজি পৰ্যন্ত অৰুণাচল চৰকাৰে বিষয়টো সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।”
ফ’ৰামৰ নেতৃত্বই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি প্ৰতিবাদমুখৰ হৈ কয়, “আমি সীমামূৰীয়া মানুহখিনিক চৰকাৰে মৰি যোৱাটো বিচাৰিছে নেকি ? আজি পৰ্যন্ত ৰাজ্যৰ সীমা সমস্যাৰ কিয় কোনো সমাধান নহ’ল । কেৱল অৰুণাচল সীমাই নহয় ৰাজ্যৰ প্ৰতিটো সীমাই বিৰ্তকিত ।”
উল্লেখ্য যে, সংগঠন দুটাই সম্পূৰ্ণৰূপে অৰ্থনৈতিক অৱৰোধ কৰিছে পথটো । গোগামুখৰ মিংমাং বদতীত যোৱা ১০ আগষ্টৰ দিনা সংঘটিত হৈছিল এই সংঘৰ্ষৰ ঘটনাটো । অৰুণাচলৰ লোয়াৰ ছিয়াং জিলাত এজন অচিনাক্ত ব্যক্তিয়ে মিছিং যুৱকক গুলীয়াই হত্যা কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ পাচতে অসম-অৰুণাচল সীমান্তত বৃদ্ধি পাইছে উত্তেজনা ।