খাচী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীয়ে বুধবাৰৰ দিনটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । ক’লা পতাকা প্ৰদৰ্শনেৰে উলিওৱা মটৰ চাইকেল ৰেলীয়ে কালিৰ দিনটোত শিলচৰৰ কেইবাটাও স্থানত হিংসাত্মক ৰূপ ধাৰণ কৰা পৰিলক্ষিত হয় ।
মেঘালয় আৰক্ষীৰ সূত্ৰই জনোৱা মতে, প্ৰতিবাদকাৰীয়ে সন্ধিয়াৰ ভাগত বাহনবোৰক আক্ৰমণ কৰাৰ লগতে মানুহক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে । তদুপৰি চৰকাৰী বাহনসমূহ জ্বলাই দিয়াৰ বাতৰিও পোৱা গৈছে । পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰে যে প্ৰতিবাদকাৰীয়ে স্বামী বিবেকানন্দ আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি পৰ্যন্ত ভাঙি পেলোৱা বুলিও জানিব পৰা গৈছে ।
উল্লেখ্য যে, মেঘালয়ৰ খাছি পাহাৰ অঞ্চলৰ এটা প্ৰধান আৰু প্ৰভাৱশালী ছাত্ৰ সংগঠন KSU য়ে পাঁচ দফীয়া দাবীৰ চনদক লৈ চলি থকা আন্দোলনৰ অংশ হিচাপে এই সমাৱেশৰ আহ্বান জনাইছিল । ইয়াৰ ভিতৰত নিযুক্তি, খিলঞ্জীয়া বাসিন্দাৰ সুৰক্ষা, প্ৰব্ৰজন আৰু পৰিৱেশ সুৰক্ষা আদি আছিল প্ৰতিবাদকাৰীৰ অন্যতম দাবী ।
মহানগৰীৰ মাজেৰে প্ৰতিবাদকাৰীৰ ৰেলী চলি থকাৰ সময়তে ৰাজ্যখনৰ ৰাজধানী প’লো, বাৰিক, মাউলাইকে ধৰি কেইবাটাও অঞ্চলত অশান্ত পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি জানিব পৰা গৈছে ।
আৰক্ষীৰ এস্কৰ্ট বাহন এখন ক্ষতিগ্ৰস্ত হয় । বাৰিকত ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰৰ এখন বাহনো ভাঙি পেলোৱা হয়, য’ত ইয়াৰ পিছফালৰ গ্লাছখন ভাঙি যায় । এখন পিকআপ আৰু টেলিকম বিভাগৰ এখন বাহনকে ধৰি আন কেইবাখনো বাহনৰ ক্ষতি হোৱাৰ খবৰ পোৱা গৈছে ।
মাউলাইস্থিত ভাৰতীয় খাদ্য নিগমৰ কাৰ্যালয়ত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে, য’ত এখন চৰকাৰী বাহন জ্বলাই দিয়া বুলি জানিব পৰা গৈছে ।