স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আছাম ৰাইফলচৰ শিবিৰত সন্দেহজনক উগ্ৰপন্থীৰ আক্ৰমণ

৮০ স্বাধীনতা দিৱসৰ পূৰ্বে আছাম ৰাইফলচৰ শিবিৰত কূটাঘাতমূলক কাৰ্যকলাপ । অৰুণাচলৰ চাংলাং জিলাৰ নামপং থানাৰ অন্তৰ্গত লংভিত থকা আছাম ৰাইফলছৰ এটা শিবিৰত ১৪ আগষ্ট শুকুৰবাৰৰ পুৱতি নিশা প্ৰায় ৩:১৫ বজাত একাংশ দুবৃত্তই আক্ৰমণ চলায় বুলি বিষয়াসকলে জানিবলৈ দিয়ে ।

এই আক্ৰমণৰ ঘটনাৰ সৈতে সংযুক্ত লিবাৰেচন ফ্ৰণ্ট অৱ আছম–ইণ্ডিপেণ্ডেণ্ট (ULFA-I) আৰু এন এছ চি এন (কে-ৱা)ৰ সন্দেহযুক্ত কেডাৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইফলচে । আছাম ৰাইফলছৰ জোৱানসকলে ততাতৈয়াকৈ সাজু হৈ হয় যদিও আক্ৰমণকাৰীয়ে সমীপৰ জংঘললৈ পলায়ন কৰে বুলি এক সূত্ৰত প্ৰকাশ ।

এই আক্ৰমণৰ ঘটনাত বাতৰি প্ৰস্তুত কৰা পৰ্যন্ত কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই ।

অঞ্চলটোত তীব্ৰতৰ কৰা হৈছে তালাচী অভিযান

সন্দেহযুক্ত উগ্ৰপন্থীক বিচাৰি উলিয়াবলৈ অঞ্চলটোত তালাচী অভিযান অব্যাহত আছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে । এই ঘটনাৰ পিছতে শিবিৰৰ ভিতৰত আৰু ইয়াৰ আশে-পাশে নিৰাপত্তা বাহিনীয়ে চোৰাংচোৱাগিৰি তীব্ৰতৰ কৰি তুলিছে ।

Comments (0)
Add Comment