বানাক্ৰান্তৰ সাহায্যৰ বাবে গুৱাহাটীত সুৰবাহিনীৰ উদ্যোগত আৰম্ভ হৈছে জনসংযোগ যাত্ৰাৰ । বানাক্ৰান্তৰ বাবে সাহায্য সংগ্ৰহৰ বাবে ওলাই আহিছে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে মনীষা হাজৰিকাৰ উপৰিও আন বহু কলা-কুশলী । জয়ন্ত হাজৰিকা, জুবিন গাৰ্গৰ আদৰ্শৰে ৰাজপথলৈ ওলাই আহিছে সুৰ বাহিনী । এই পদক্ষেপলৈ সহযোগিতা আগবঢ়াইছে চলচ্চিত্ৰ সমাজ অসম, কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচন, অভিনয়া, জুবিন ফেন ক্লাৱ, গুৱাহাটী চিনে মিউজিছিয়ানচ এছ’চিয়েচন আৰু সৰ্বভাৰতীয় চিকিৎসালয় সন্থাই । সকলোৰে যুটীয়া প্ৰচেষ্টাত বানাক্ৰান্তৰ সাহাৰ্যৰ বাবে গুৱাহাটীত জনসংযোগ যাত্ৰা আৰম্ভ হৈছে ৷
জানিব পৰা মতে, ৮ আগষ্টত তেওঁলোক বানপীড়িত অঞ্চললৈ চিকিৎসক, নাৰ্চকে ধৰি এটা ৪০ জনীয়া বৃহৎ দল লৈ বানাক্ৰান্ত এলেকালৈ ৰাওনা হ’ব । ইয়াৰ লগতে ৯-১১ আগষ্টত বানপীড়িত অঞ্চলত চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিব বুলিও জানিব পৰা গৈছে সুৰ বাহিনীয়ে । তদুপৰি ঘৰ পুনঃনিৰ্মাণৰ বাবেও প্ৰচেষ্টা হাতত ল’ব জানিব পৰা গৈছে সুৰবাহিনীয়ে ।
আজিৰ কাৰ্যসূচীত শিল্পী মনীষা হাজৰিকা, ৰবি শৰ্মা, চিকিৎসক ডাঃ হিতেশ বৰুৱাকে ধৰি বিভিন্নজনে অংশগ্ৰহণ কৰে । উল্লেখ্য যে, দেওবাৰে বেলতলা বজাৰৰ পৰা জয়ানগৰ চাৰিআলি হৈ ছয়মাইল ফ্লাইঅভাৰত উপস্থিত হয় । সন্ধিয়া গণেশগুৰিত ৰাইজৰ পৰা বান সাহাৰ্য সংগ্ৰহ কৰিব সুৰবাহিনীয়ে । কাইলৈও সুৰ বাহিনীয়ে এই অভিযান অব্যাহত ৰাখিব বুলি জানিব পৰা গৈছে ।