শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ দিন ঘোষণাক লৈ দিলীপ শইকীয়াৰ আদৰণি

গুৱাহাটী: অসম ৰাজ্যিক নিৰ্বাচন আয়োগে বহু প্ৰতীক্ষিত শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাক ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়াই আন্তৰিক আদৰণি জনাইছে।

দলৰ মিডিয়া পেনেলিষ্ট ত্ৰিদিপ মৰানে প্ৰেৰণ কৰা এক বিবৃতিত শইকীয়াই কয়, “শিলচৰ পৌৰসভাক পৌৰ নিগমলৈ উন্নীত কৰাটো ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল। এই প্ৰতিশ্ৰুতি পূৰণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বৰাকবাসীৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱায়িত কৰিলে। ইয়াৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।”

তেওঁ কয় যে শিলচৰ পৌৰ নিগমৰ ৪২টা ৱাৰ্ডত ৩ অক্টোৱৰৰ দিনা অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচন, নগৰখনৰ গণতান্ত্ৰিক আৰু নাগৰিক প্ৰশাসনৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব। পৌৰ নিগম গঠনৰ ফলত শিলচৰবাসীয়ে আধুনিক মহানগৰীয় সা-সুবিধা লাভ কৰাৰ লগতে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰতিনিধিসকলৰ জৰিয়তে নগৰখনৰ সামগ্ৰিক উন্নয়ন ত্বৰান্বিত কৰাৰ সুযোগ লাভ কৰিব।

ৰাজ্যিক সভাপতিগৰাকীয়ে লগতে কয় যে নতুনকৈ পৌৰ নিগম গঠনে নাগৰিক সেৱা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, পথ আৰু যোগাযোগ ব্যৱস্থা, নলা-নৰ্দমা, পানী যোগান, ষ্ট্ৰীট লাইট তথা অন্যান্য মৌলিক আন্তঃগাঁথনিৰ উন্নয়নত অধিক গতিশীলতা আনিব। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা উন্নয়নমুখী পদক্ষেপসমূহৰ সৈতে পৌৰ নিগমৰ স্থানীয় প্ৰশাসনক সুসমন্বয়েৰে নাগৰিকসকলৰ আশা-আকাংক্ষা বাস্তৱায়িত কৰাৰ এক নতুন পৰিৱেশ সৃষ্টি হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

“উন্নয়ন, সুশাসন আৰু জনকল্যাণৰ সমন্বয়েই এখন আধুনিক, পৰিচ্ছন্ন আৰু আত্মনিৰ্ভৰশীল শিলচৰ গঢ়াৰ মূল ভিত্তি। এই নিৰ্বাচন কেৱল পৌৰ প্ৰতিনিধি নিৰ্বাচনৰ এক আনুষ্ঠানিক প্ৰক্ৰিয়া নহয়, ই শিলচৰৰ ভৱিষ্যৎ মহানগৰীয় পৰিকল্পনা, নাগৰিক সুবিধা আৰু সামগ্ৰিক উন্নয়নৰ দিশ নিৰ্ধাৰণৰ এক ঐতিহাসিক সুযোগ,” শইকীয়াই কয়।

সভাপতি গৰাকীয়ে শিলচৰবাসীক উন্নয়ন, সুশাসন আৰু জনকল্যাণৰ স্বাৰ্থত এই গণতান্ত্ৰিক প্ৰক্ৰিয়াত উৎসাহেৰে আৰু সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

Comments (0)
Add Comment