জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুক কেন্দ্ৰ কৰি ৰুজু হোৱা বহুচৰ্চিত হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনক লৈ ফাষ্ট ট্ৰেক আদালতত গুৰুত্বপূৰ্ণ শুনানি সম্পন্ন হয়। দীৰ্ঘ সময় ধৰি চলা শুনানিত উভয় পক্ষই নিজৰ নিজৰ যুক্তি আদালতৰ সন্মুখত দাঙি ধৰে। শুনানিৰ অন্তত আদালতে অহা ২৬ মে’ত চাৰ্জ ফ্ৰেমিং সম্পৰ্কীয় আদেশ আৰু ২৮ মে’ত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ ওপৰত ৰায়দান ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে। আদালতৰ বাহিৰত সংবাদ মাধ্যমৰ আগত চৰকাৰী পক্ষৰ এজন অধিবক্তাই কয় যে পুৱা ১০:৩০ বজাৰ পৰা আৰম্ভ হোৱা শুনানিত দুয়োপক্ষই বিশদভাৱে নিজৰ নিজৰ যুক্তি আদালতৰ আগত দাঙি ধৰে। তেওঁ কয়, “আমাৰ ফালৰ পৰা যি ক’বলগীয়া আছিল, আমি ক’লো আৰু অভিযুক্ত পক্ষৰ ফালৰ পৰাও তেওঁলোকে নিজৰ বক্তব্য আদালতত উপস্থাপন কৰিলে। আদালতে এতিয়া অহা ২৮ মে’ত জামিন শুনানিৰ ৰায়দান দিব বুলি জানাইছে। যিহেতু ২৬ মে’ত চাৰ্জ ফ্ৰেমিং সম্পৰ্কীয় আদেশ আছে, সেইবাবে আদালতে ২৮ মে’লৈ জামিন আবেদনৰ ৰায়দান স্থগিত ৰাখিছে।” ইফালে, গোচৰটোৰ অভিযোগ গঠন প্ৰক্ৰিয়াক লৈও আদালতত গুৰুত্বপূৰ্ণ শুনানি সম্পন্ন হয়। অভিযুক্ত পক্ষৰ অধিবক্তাই আদালতত যুক্তি দাঙি ধৰি কয় যে অভিযুক্তসকলৰ বিৰুদ্ধে চাৰ্জশ্বীটত উল্লেখ কৰা বিভিন্ন ধাৰা প্ৰয়োগৰ যথেষ্ট ভিত্তি নাই। আনহাতে চৰকাৰী পক্ষই আদালতত দাবী কৰে যে অভিযুক্তসকলৰ বিৰুদ্ধে যথেষ্ট তথ্য-প্ৰমাণ আৰু সামগ্ৰী (Material Evidence) মজুত আছে। সেই অনুসৰি হত্যাকাণ্ডৰ ধাৰা ৩০২সহ প্ৰতাৰণাৰ দৰে একাধিক গুৰুত্বপূৰ্ণ ধাৰা অভিযুক্তসকলৰ বিৰুদ্ধে প্ৰযোজ্য হ’ব লাগে বুলি চৰকাৰী পক্ষই যুক্তি আগবঢ়ায়।
উল্লেখযোগ্য যে, আদালতে “Fix 26-05-2026 for production and order on CC, and 28-05-2026 for order on bail petition of A3 Shekhar Jyoti Goswami” বুলি নিৰ্দেশ জাৰি কৰিছে। অৰ্থাৎ ২৬ মে’ত অভিযোগ গঠন সম্পৰ্কীয় আদেশ আৰু আনহাতে ২৮ মে’ত অভিযুক্ত নং-৩ শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদন সম্পৰ্কে আদালতে চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰিব। জনপ্ৰিয় শিল্পীগৰাকীৰ মৃত্যুক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা গভীৰ আৱেগ আৰু চাঞ্চল্যৰ মাজতে এই গোচৰৰ প্ৰতিটো আইনী পৰ্যায়ৰ ওপৰত জনসাধাৰণৰ তীক্ষ্ণ দৃষ্টি অব্যাহত আছে। বিশেষকৈ অভিযোগ গঠন আৰু জামিন আবেদন সম্পৰ্কে আদালতে কি সিদ্ধান্ত গ্ৰহণ কৰে, সেয়া লৈ এতিয়া ব্যাপক উৎকণ্ঠা আৰু আগ্ৰহ লক্ষ্য কৰা গৈছে। উল্লেখ্য যে, জুবিন গাৰ্গ হত্যাকাণ্ডৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ জামিন আবেদন ইতিমধ্যেই ফাষ্ট ট্ৰেক আদালতে নাকচ কৰিছে । ইয়াৰ পাচত শ্যামকানু মহন্তই জামিন বিচাৰি পুনৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা দেখা গৈছে । অহা ২২ মে’ত গৌহাটী উচ্চ ন্যায়ালয়ত শ্যামকানুৰ জামিন আবেদনৰ শুনানি সম্পন্ন হ’ব । ইফালে, জামিন প্ৰক্ৰিয়া সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা অপূৰ্ব শৰ্মাই কয়, “আইনত স্পষ্টকৈ কোৱা আছে যে যিজন আচামীক জামিন দিয়া হয়, তেওঁ প্ৰতিটো শুনানিৰ তাৰিখত আদালতত উপস্থিত থাকিব লাগিব। কিন্তু এতিয়া অসমৰ পৰিস্থিতিত কোনজন আসামীয়ে সুৰক্ষিতভাৱে আদালতত হাজিৰ হ’ব পাৰিব, সেইটোও বিবেচনাৰ বিষয়।” তেওঁ দাবী কৰে যে বৰ্তমান ৰাজ্যৰ পৰিস্থিতি এনে যে অভিযুক্তজনে নিয়মিতভাৱে আদালতত হাজিৰ হ’ব নোৱাৰাৰ আশংকা আছে। যদি আদালতত উপস্থিত নাথাকে, তেন্তে ট্ৰায়েল প্ৰক্ৰিয়াৰ পৰা আঁতৰি থকাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত ভুক্তভোগী পক্ষই ন্যায় লাভৰ পৰা বঞ্চিত হ’ব পাৰে। তেওঁ লগতে কয়, “মহামান্য আদালতে নিশ্চয় এই বিষয়টো গভীৰভাৱে বিবেচনা কৰিব যে আচামীজন তাৰিখে তাৰিখে আদালতত আহিব পৰা পৰিস্থিতি অসমত আছেনে নাই। যদি তেওঁ হাজিৰ হ’ব নোৱাৰে, তেন্তে তেওঁ ট্ৰায়েলৰ পৰা দূৰত থাকিব পাৰে আৰু তেতিয়া জুবিনদাই ন্যায় নাপাব।”