দক্ষিণ কামৰূপৰ অন্যতম শিক্ষানুষ্ঠান সোণতলী আঞ্চলিক মহাবিদ্যালয়ত সৃষ্টি হোৱা অভ্যন্তৰীণ কণ্ডলৰ ফলত মহাবিদ্যালয়খনৰ অধ্যাপক সকলে । অনিৰ্দিষ্টকাললৈ শ্ৰেণী বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ ফলত সমগ্ৰ শিক্ষানুষ্ঠানখনত এক অচলাৱস্থাৰ সৃষ্টি হৈছে ।
অভিযোগ অনুসৰি, মহাবিদ্যালয়খনৰ কেৰাণী আব্দুল বাৰেকে দীৰ্ঘদিন ধৰি মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতেও অত্যন্ত অশালীন ব্যৱহাৰ কৰি আহিছে ।
এজন চৰকাৰী কৰ্মচাৰীৰ এনে মইমতালি আৰু কৰ্তব্যহীন আচৰণত অতিষ্ঠ হৈ অৱশেষত শিক্ষকসকলে বাধ্য হৈ শ্ৰেণীকোঠা এৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
মহাবিদ্যালয়ৰ অধ্যাপক সকলে ক’লা বেজ পৰিধান কৰি হঠাতে শ্ৰেণী বৰ্জন কৰাৰ ফলত মহাবিদ্যালয় খনৰ পাঠদান প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে।
ইয়াৰ পৰিণতিত ক্ষুব্ধ আৰু উত্তেজিত হৈ পৰে বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীসকল। শিক্ষানুষ্ঠানখনৰ শৈক্ষিক ভৱিষ্যতক লৈ শংকিত ছাত্ৰ-ছাত্ৰীসকলে লগে লগে মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীৰ কাৰ্যালয় ঘেৰাও কৰে।
এই প্ৰতিবাদৰ পিছতে শিক্ষক সমাজ আৰু ছাত্ৰ একতা সভাই স্পষ্ট কৰি দিয়ে যে যেতিয়ালৈকে অধ্যাপক সকলক দুৰ্ব্যৱহাৰ কৰা কেৰাণীজনৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ কৰা নহয়, তেতিয়ালৈকে এই কাৰ্যসূচী অব্যাহত থাকিব।
এতিয়া সচেতন ৰাইজ আৰু ছাত্ৰ সমাজৰ মাজত এই সমস্যাৰ সমাধান কেতিয়া আৰু কেনেকৈ সমাধান হ’ব সেই বিষয়ে প্ৰশ্ন উত্থাপিত হৈছে।