মৃত্যুবাৰ্ষিকীত প্ৰয়াত সাংবাদিক পৰাগ দাসক স্মৰণ

নিৰ্ভীক সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ আজি মৃত্যুবাৰ্ষিকী। দিনটোৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰয়াত সাংবাদিকগৰাকীক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। স্বদেশ আৰু স্বজাতিৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ হকে আজীৱন সংগ্রাম কৰি যোৱা পৰাগ কুমাৰ দাসক বহু সংগঠন, সাহিত্যিক, সাংবাদিক আৰু সচেতন নাগৰিকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, দিল্লী স্কুল অৱ ইক’নমিকছৰ এজন মেধাৱী শিক্ষাৰ্থী হিচাপে পৰিচিত পৰাগ কুমাৰ দাসে লাভজনক চাকৰিৰ সুযোগ ত্যাগ কৰি স্বাধীন সাংবাদিকতা আৰু মানৱ অধিকাৰ আন্দোলনৰ পথ বাছি লৈছিল। গুৱাহাটী ষ্টক এক্সচেঞ্জৰ চাকৰি এৰি তেওঁ সম্পূৰ্ণৰূপে সমাজমুখী চিন্তা আৰু জাতীয় চেতনাৰ আদৰ্শত আত্মনিয়োগ কৰিছিল।

তেওঁ মানৱ অধিকাৰ সংগ্ৰাম সমিতি, উত্তৰ-পূৰ্ব মানৱ অধিকাৰ সমন্বয়ৰক্ষী সমিতি, বাক স্বাধীনতা সংগ্ৰাম সমিতি আৰু গণতান্ত্ৰিক সংগ্ৰাম সমিতিৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল। ইয়াৰে প্ৰথম দুটা সংগঠনৰ সচিব হিচাপেও তেওঁ দায়িত্ব পালন কৰিছিল। মানৱ অধিকাৰ কৰ্মী হিচাপে পৰাগ কুমাৰ দাসে বিশেষকৈ ৰাষ্ট্ৰীয় নিৰ্যাতন, সেনাৰ অত্যাচাৰ আৰু সাধাৰণ জনতাৰ অধিকাৰ খৰ্ব কৰাৰ বিৰুদ্ধে সদায় সোচ্চাৰ ভূমিকা গ্ৰহণ কৰিছিল।

সেই সময়ত আলফাক কেন্দ্ৰ কৰি ৰাজ্যত চলা দমনমূলক অভিযানৰ তীব্ৰ সমালোচনা কৰিছিল তেওঁ। নিৰীহ লোকৰ ওপৰত সংঘটিত অন্যায়, সেনাৰ নিৰ্যাতন আৰু লাঞ্চিত-ধৰ্ষিত মহিলাসকলৰ ন্যায়ৰ দাবীত তেওঁ এক নিৰ্ভীক কণ্ঠস্বৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। জনসচেতনতা সৃষ্টিৰ লক্ষ্যৰে লেখনি, বক্তৃতা আৰু আন্দোলনৰ জৰিয়তে তেওঁ সমাজত শক্তিশালী ভূমিকা পালন কৰিছিল।

উল্লেখযোগ্য যে, ১৯৯৬ চনৰ ১৭ মে’ত গুৱাহাটীৰ ৰাজগড়স্থিত জাতীয় বিদ্যালয়ৰ পৰা পুত্ৰ ৰোহনক আনিবলৈ যোৱাৰ সময়ত আততায়ীৰ গুলীত নিহত হৈছিল পৰাগ কুমাৰ দাস। শূন্য দূৰত্বৰ পৰা চাৰিজনীয়া আততায়ীৰ দলটোৱে ২৩ জাঁই গুলীচালনা কৰি তেওঁক হত্যা কৰিছিল। এই ঘটনাই তৎকালীন অসমক গভীৰভাৱে নাড়া দিছিল আৰু ৰাজ্যৰ সাংবাদিকতা জগতত এক অপূৰণীয় ক্ষতিৰ সৃষ্টি কৰিছিল। আজিও পৰাগ কুমাৰ দাসক অসমৰ নিৰ্ভীক সাংবাদিকতা আৰু মানৱ অধিকাৰ আন্দোলনৰ এক প্ৰতীক হিচাপে স্মৰণ কৰা হয়।

Comments (0)
Add Comment