কাছাৰৰ ঘটনা সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিলে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে

কাছাৰ জিলাৰ উধাৰবন্দ বিধানসভা সমষ্টিৰ পানগ্রামত দেওবাৰে সংঘটিত হৈছিল এটি ভয়ংকৰ বিস্ফোৰণৰ ঘটনা । জিলাখনৰ কেডি ৰড ইণ্ডাষ্টীত LPG চিলিণ্ডাৰ বিস্ফোৰণ ঘটি চাৰি গৰাকীকৈ শ্রমিকৰ মৃত্যু ঘটা ঘটনাত এতিয়া হস্তক্ষেপ কৰিছে ভাৰতীয় ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে । আয়োগে এই সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে । কাৰখানাটোত অনিয়ম সংঘটিত হৈ থকা বুলি আয়োগৰ আগত অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীৰ আত্মীয়ৰ লগতে স্থানীয় ৰাইজে ।

স্থানীয় সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ পোৱা তথ্য যদি সঁচা হয় তেন্তে এইবোৰ গুৰুতৰভাৱে মানৱ অধিকাৰৰ উলংঘা বুলি মন্তব্য কৰিছে আয়োগে । ইতিমধ্যে আয়োগে অসমৰ মুখ্য সচিব আৰু অৰু জিলাখনৰ আৰক্ষী অধীক্ষকক দুসপ্তাহৰ ভিতৰতে বিষয়টো সন্দৰ্ভত বিতং প্ৰতিবেদন জমা দিবৰ বাবে নিৰ্দেশ দিছে । আহতসকলৰ স্বাস্থ্যৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি মৃতকৰ আত্মীয়লৈ আৰু আহত শ্ৰমিকসকলক ক্ষতিপূৰণ নিৰ্ধাৰণ কৰা হ’ব বুলি আয়োগে জনায় ।

২৭ জুলাইৰ দিনা ৰাজ্যৰ লগতে দেশৰ একাংশ সংবাদ মাধ্যমত এই বাতৰিটো প্ৰকাশ হৈছিল আৰু প্ৰকাশিত সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত কাৰখানাটোত ১০০ৰো অধিক শ্ৰমিক উপস্থিত আছিল বুলি আয়োগ অৱগত হোৱা বুলি এক প্ৰেছ বিবৃতিযোগে জনায় ।

Comments (0)
Add Comment