ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত ৰীল প্ৰতিযোগিতা

গুৱাহাটী: ভাৰত ৰত্ন সন্মানেৰে বিভূষিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ সৈতে সংগতি ৰাখি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে আয়োজন কৰিছে বিশেষ ইনষ্টা ৰীল প্ৰতিযোগিতা। ড° ভূপেন হাজৰিকাৰ জীৱন, কৰ্ম আৰু অৱদানক নতুন প্ৰজন্মৰ মাজত অধিক ব্যাপকভাৱে উপস্থাপন কৰাৰ লক্ষ্যৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

১৬ৰ পৰা ৪৫ বছৰ বয়সৰ যিকোনো ব্যক্তিয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগিতাৰ বাবে কোনো পঞ্জীয়ন মাচুল নাথাকিব। অংশগ্ৰহণকাৰীয়ে সৰ্বাধিক ৩০ ছেকেণ্ডৰ ৰীল প্ৰস্তুত কৰিব লাগিব।

প্ৰতিযোগিতাৰ ৰীল বিশ্বৰ যিকোনো ভাষাত প্ৰস্তুত কৰিব পাৰিব। অৱশ্যে প্ৰতিটো ৰীলত ইংৰাজী উপ-শিৰোনাম বাধ্যতামূলক কৰা হৈছে।

অংশগ্ৰহণৰ অন্তিম সময়সীমা ১৫ অক্টোবৰ ২০২৬, নিশা ১১:৫৯ বজালৈ নিৰ্ধাৰণ কৰা হৈছে।

অংশগ্ৰহণকাৰীয়ে প্ৰথমে প্ৰস্তুত কৰা ৰীলটো নিজৰ Instagram Handle-ত আপলোড কৰিব লাগিব। ইয়াৰ পিছত ৰীলটোৰ ফাইল Google Drive-ত আপলোড কৰি ‘General Access’ সক্ৰিয় কৰিব লাগিব।

ইয়াৰ পিছত Drive Link-টো নিৰ্ধাৰিত Google Form-ত জমা দিব লাগিব।

বিস্তৃত নিৰ্দেশনাৰ বাবে Directorate of Cultural Affairs, Assam আৰু DBHRGFTI Assam ৱেবছাইট চাব পাৰিব।

প্ৰতিযোগিতাৰ বাবে জমা দিয়া ৰীল সম্পূৰ্ণৰূপে অংশগ্ৰহণকাৰীৰ নিজা আৰু মৌলিক সৃষ্টিশীল কৰ্ম হ’ব লাগিব। এগৰাকী অংশগ্ৰহণকাৰীয়ে মাত্ৰ এটাহে ৰীল জমা দিব পাৰিব।

ৰীলত কোনো কপিৰাইটযুক্ত সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰিব। বিশেষভাৱে, ৰীলৰ বাবে কেৱল ড° ভূপেন হাজৰিকাৰ নিৰ্বাচিত ২৭টা গীত ব্যৱহাৰ কৰাৰ অনুমতি দিয়া হৈছে। এই তালিকাৰ বাহিৰৰ কোনো গীত ব্যৱহাৰ কৰিলে ৰীল গ্ৰহণযোগ্য নহ’ব।

আনহাতে, AI-ৰ দ্বাৰা সৃষ্টি কৰা দৃশ্য বা বিষয়বস্তু ব্যৱহাৰ কৰা ৰীল প্ৰতিযোগিতাৰ বাবে যোগ্য বুলি বিবেচিত নহ’ব। জমা দিবলগীয়া ভিডিঅ’ ফাইল কেৱল MP4 ফৰ্মেটত হ’ব লাগিব।

প্ৰতিযোগিতাত বিজয়ীসকলৰ বাবে আছে আকৰ্ষণীয় পুৰস্কাৰ। প্ৰথম শ্ৰেষ্ঠ ৰীলৰ বাবে ₹২,০০,০০০, দ্বিতীয় শ্ৰেষ্ঠ ৰীলৰ বাবে ₹১,৫০,০০০ আৰু তৃতীয় শ্ৰেষ্ঠ ৰীলৰ বাবে ₹১,০০,০০০ পুৰস্কাৰ ঘোষণা কৰা হৈছে।

ইয়াৰ উপৰি ১৫গৰাকী বিজয়ীক সান্ত্বনা বঁটা হিচাপে প্ৰতিগৰাকীক ₹২৫,০০০কৈ প্ৰদান কৰা হ’ব।

সুধাকণ্ঠৰ জীৱন, সংগীত আৰু সমাজলৈ আগবঢ়োৱা অৱদানক আধুনিক ডিজিটেল মাধ্যমৰ জৰিয়তে নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত এই ইনষ্টা ৰীল প্ৰতিযোগিতাই বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

Comments (0)
Add Comment