বুধবাৰৰ পুৱাই বানবিধ্বস্ত নেপালীখুঁটিত উপস্থিত হয় কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডা । প্ৰলয়ংকাৰী বানে তচনচ কৰি পেলোৱা নেপালীখুঁটিৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীসহ ট্ৰেক্টৰত উঠি উজনিৰ বান পৰিদৰ্শন কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।
বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি জে পি নাড্ডাই কয়, “নেপালীখুঁটিত বিধ্বস্ত পৰিৱেশ দেখিলোঁ । প্ৰলংয়কৰী বানে যথেষ্ট ক্ষতি কৰিলে । নাগালেণ্ডৰ মন জিলাৰ পৰা অহা নদীয়ে বিপদত পেলালে গাঁওবোৰক । এই বিপদৰ সময়ত কেন্দ্ৰীয় চৰকাৰ আপোনালোকৰ লগত আছে ।”
ইয়াৰ লগতে নাড্ডাই কয়, ‘‘প্ৰধানমন্ত্ৰীয়ে মোক ইয়ালৈ পথিয়াইছে ক্ষয়-ক্ষতিৰ বুজ লবলৈ তথা সুস্থিৰ হ’বলৈ কিমান সময়ৰ প্ৰয়োজন সেয়া নিৰীক্ষণ কৰিবলৈ । ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক আৰ্থিক সাহায্যৰ লগতে সকলো ধৰণৰ সহায় আগবঢ়াবৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতিবদ্ধ । কেনেকৈ কি কৰিব পাৰি মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিম ।”
ইয়াৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়,”নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আপোনালোক সকলোকে আশ্বাস দিছো যে সাহায্যৰ কোনো অভাৱ নহ’ব । ৰাজ্যলৈ সম্পূৰ্ণ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে । কেন্দ্ৰীয় দলসমূহে ইয়াত ক্ষতিৰ পৰিসৰৰ মূল্যায়ন কৰি আছে । আমি পুনৰ্বাসনৰ প্ৰচেষ্টাত সম্পূৰ্ণৰূপে নিয়োজিত হৈ আছো ।”