গুৱাহাটী: নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত জিলাখনৰ প্ৰাক্তন জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে এক জৰুৰী তথা উচ্চস্তৰীয় তদন্তৰ দাবী জনাই ভাৰতীয় নিৰ্বাচন আয়োগলৈ এক জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ জৰিয়তে প্ৰেৰণ কৰা এই পত্ৰখনত সাংসদগৰাকীয়ে নিৰ্বাচন প্ৰক্ৰিয়াৰ স্বচ্ছতা, নিৰপেক্ষতা আৰু বিশ্বাসযোগ্যতা ৰক্ষাৰ স্বাৰ্থত নিৰ্বাচন আয়োগৰ তাৎক্ষণিক হস্তক্ষেপ কামনা কৰে। হুছেইনে জনায় যে দেৱাশীষ শৰ্মাই নগাঁও লোকসভাৰ উপ-নিৰ্বাচনত প্ৰাৰ্থিত্ব লাভ কৰাৰ ব্যাপক চৰ্চা সম্পৰ্কে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছিল। ইয়াৰ মাজতে বিষয়াগৰাকীয়ে চৰকাৰী পদৰ পৰা পদত্যাগ বা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰাৰ ঘটনাই বিষয়টোক অধিক তাৎপৰ্যপূৰ্ণ কৰি তুলিছে বুলি সাংসদগৰাকীয়ে মত প্ৰকাশ কৰে।
সাংসদ ৰকিবুল হুছেইনৰ অভিযোগ অনুসৰি, নিৰ্বাচন প্ৰক্ৰিয়া চলি থকাৰ মাজতে পদত্যাগ কৰিয়েই কোনো প্ৰশাসনিক বিষয়াই নিজৰ পূৰ্বৰ কাৰ্যকালৰ দায়বদ্ধতা আৰু জবাবদিহিতাৰ পৰা ৰেহাই পাব নোৱাৰে। দেৱাশীষ শৰ্মাই জিলা আয়ুক্ত আৰু জিলা নিৰ্বাচনী বিষয়া হিচাপে দায়িত্ব পালন কৰাৰ সময়ত ইভিএম ব্যৱস্থাপনা, নিৰ্বাচনী সামগ্ৰী, কৰ্মচাৰী নিয়োগ, পৰিবহণ আৰু ভোটগ্ৰহণৰ প্ৰস্তুতিৰ দৰে একাধিক সংবেদনশীল দিশ পৰিচালনা কৰিছিল। সেয়েহে তেওঁৰ কাৰ্যকালত লোৱা নিৰ্বাচন সম্পৰ্কীয় সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু পদক্ষেপ পুনৰীক্ষণ কৰাৰ বাবে সাংসদগৰাকীয়ে আয়োগক অনুৰোধ জনায়, যাতে আগন্তুক উপ-নিৰ্বাচনৰ ফলাফল কোনো কাৰণতে প্ৰভাৱিত নহয়।
গণতন্ত্ৰ আৰু প্ৰশাসনিক ব্যৱস্থাৰ নিৰপেক্ষতা অটুট ৰখাৰ স্বাৰ্থত সাংসদগৰাকীয়ে ভাৰতীয় নিৰ্বাচন আয়োগৰ ওচৰত কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে। তেওঁ দাবী জনায় যে দেৱাশীষ শৰ্মাৰ কাৰ্যকালৰ কাৰ্যকলাপৰ ওপৰত এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত স্বতন্ত্ৰ তদন্ত সম্পন্ন নোহোৱালৈকে তেওঁৰ পদত্যাগ যাতে চূড়ান্তভাৱে গ্ৰহণ কৰা নহয়। লগতে তেওঁৰ নিৰ্দেশত কাম কৰা আন বিষয়াসকলৰ ভূমিকা পৰীক্ষা কৰা, নগাঁও জিলাৰ নিৰ্বাচনী প্ৰস্তুতি তদাৰক কৰিবলৈ এগৰাকী জ্যেষ্ঠ নিৰ্বাচনী পৰ্যবেক্ষক নিযুক্তি দিয়া আৰু অভিযোগ প্ৰমাণিত হ’লে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও আয়োগক আহ্বান জনায়।