বিহালীত উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

বিশ্বনাথ: নিশাৰ ভাগত বিহালী সমষ্টিৰ অন্তৰ্গত বিহালী অভয়াৰণ্য পৰিদৰ্শন কৰে ৰাজ্যৰ বিত্ত আৰু বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

কিছুদিন পূৰ্বে অৰুণাচলী দুৰ্বৃত্তই বিহালী অভয়াৰণ্যৰ প্ৰায় ৪ হেক্টৰ ভুমিত বন-ধ্বংস কৰিছিল । ইয়াৰ পাচতেই অসম চৰকাৰে ইক’ল’জিকেল টাক্স ফ’ৰ্চক বনাঞ্চলত গছপুলি ৰোপণৰ দায়িত্ব প্ৰদান কৰিছিল ।

সম্প্ৰতি প্ৰায় ২২ হেক্টৰ ভুমিত গছপুলি ৰোপণৰ কাম সম্পূৰ্ণ হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে । লগতে মন্ত্ৰী গৰাকীয়ে ১ মাহৰ ভিতৰতে ৫০ হেক্টৰ ভুমিত গছপুলি ৰোপণৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে ।

সাংসদ তথা বিহালীৰ প্ৰাক্তন বিধায়ক ৰঞ্জিত দত্তই ইয়াৰ পূৰ্বে কোনো বনমন্ত্ৰীয়ে এনেকৈ বিহালী অভয়াৰণ্য পৰিদৰ্শন কৰা নাছিল বুলি মন্তব্য কৰে আৰু বৰ্তমানৰ মন্ত্ৰী গৰাকীক প্ৰশংসা কৰে ।

পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীক সংগ দিয়ে সাংসদ ৰঞ্জিত দত্ত, জিলা আয়ুক্ত কৰবী শইকীয়া কৰণ, বিধায়ক মুনীন্দ্ৰ দাস, বন বিভাগৰ লগতে আৰক্ষী প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া সকলে ।

Comments (0)
Add Comment