৮০ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতে ৰাজ্য কঁপাই গৈছিল এটি ৰহস্যজনক মৃত্যুৰ বাতৰিয়ে । এগৰাকী যুৱতীৰ চাঞ্চল্যজনক মৃত্যুয়ে ৰাজ্যৰ সংবাদ শীৰ্ষ দখল কৰিছিল । এই ৰহস্যজনক মৃত্যুয়ে প্ৰায় ৩ টা দিন সম্পূৰ্ণ কৰাৰ পিছত আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে ঘটনাটোৰ মূল অভিযুক্ত আৰিয়ান গোস্বামীক । উল্লেখ্য যে, ঘটনাটোৰ পাচৰে পৰা পলাতক আছিল আৰিয়ান ৷ জানিব পৰা মতে, মঙলবাৰৰ নিশা গোলাঘাটৰ ৰঙাজানৰ পৰা যোৰহাট আৰক্ষীয়ে আৰিয়ানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ গ্ৰেপ্তাৰৰ পিছতেই পোনে পোনে আৰিয়ানক যোৰহাট সদৰ থানালৈ লৈ যোৱা হয় ।
সম্প্ৰতি যোৰহাট আৰক্ষীৰ জিম্মাত থকা আৰিয়ানক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখ কৰা প্ৰয়োজন যে ঘটনাটোৰ মূল অভিযুক্ত আৰিয়ানক গ্ৰেপ্তাৰ কৰি থানালৈ অনাৰ মুহূৰ্তত সংবাদ মাধ্যমৰ সন্মুখত আৰিয়ানে নিজকে নিৰ্দোষী বুলি দাবী কৰে ৷
আনহাতে, এই ঘটনাৰ পিছতে সংবাদ মাধ্যমৰ আগত আৰিয়ানৰ মাতৃ ঝৰ্ণা গোস্বামীয়ে কয়, “সি বেয়া বস্তু খোৱা বাবে ৰিহাব চেণ্টাৰত আছিল ৷ এতিয়া সি শাস্তি পাইছে ।” ইয়াৰ লগতে ঘটনাটো সংঘটিত হোৱাৰ দিনা ঝৰ্ণা গোস্বামী ঘৰত নাছিল বূুলি উল্লেখ কৰি মাতৃৰ শাৰীৰিক অসুস্থতাৰ কাকতি গাঁৱত থকা মাকৰ ঘৰলৈ গৈছিল বুলি উল্লেখ কৰে ।
উল্লেখ্য যে, ১৫ আগষ্টৰ নিশা যোৰহাটৰ দহাবৰা চুকৰ গৌৰী এপাৰ্টমেণ্টত ঝৰ্ণা গোস্বামীৰ পুত্ৰ আৰিয়ান গোস্বামীয়ে বন্ধুবৰ্গৰ সৈতে পাৰ্টী কৰিছিল আৰু এই পাৰ্টীতেই ঘৰৰ পৰা বজাৰলৈ আহিম বুলি কৈ ওলাই অহা পকামুৰা ন-পমুৱাৰ এগৰাকী যুৱতীয়ে ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি লোৱাৰ পাচতে সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷