শোণিতপুৰ জিলাৰ ৰঙাপৰাত পোহৰলৈ আহিছে ৰেল বিভাগৰ তেল চুৰিৰ এক বৃহৎ চক্ৰ। অভিযোগ অনুসৰি, বিগত প্ৰায় ৭–৮ বছৰ ধৰি ৰঙাপৰা ৰেল জংচনৰ পৰা ৰেল বিভাগৰ বাবে আৱণ্টিত হাজাৰ হাজাৰ লিটাৰ ডিজেল চুৰি কৰি ক’লা বজাৰত বিক্ৰী কৰি অহা হৈছিল। গোপন তথ্যৰ ভিত্তিত আজি পুৱা প্ৰায় ৫ বজাত ভাৰতীয় সেনাৰ চোৰাংচোৱা বিভাগৰ মিছামাৰী ৰেজিমেণ্টৰ এটা দলে ৰঙাপৰা ৰেল ষ্টেচনত অভিযান চলায়। অভিযানত AS12CC 4188 নম্বৰৰ এখন বলেৰো পিকআপ ভান জব্দ কৰা হয়। ভানখনৰ পৰা প্ৰায় ৭৪টা ড্ৰামত মজুত কৰা তেল উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।
অভিযোগ অনুসৰি, ৰঙাপৰা ৰেল বিভাগৰ তেল ডিপ’ৰ দায়িত্বত থকা বিভুবন বিজয় ৰাভা আৰু ৰেল বিভাগৰ একাংশ কৰ্মচাৰীৰ সহযোগত এই বৃহৎ তেল চুৰিৰ চক্ৰ চলি আহিছিল। চুৰি কৰা ডিজেল নিয়মিতভাৱে ক’লা বজাৰত বিক্ৰী কৰা হৈছিল বুলি তদন্তকাৰী সংস্থাই সন্দেহ কৰিছে। তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, সপ্তাহত একাধিক দিন ৰেল বিভাগৰ ডিপ’ৰ পৰা ডিজেল বাহিৰলৈ উলিয়াই নিয়াৰ অভিযোগ উঠিছে। চুৰি কৰা তেল মিছামাৰীৰ এগৰাকী তেল ব্যৱসায়ীৰ জৰিয়তে ক’লা বজাৰত বিক্ৰী কৰা হৈছিল বুলি অভিযোগ।
তথ্য অনুসৰি, সপ্তাহত প্ৰায় ১২ হাজাৰৰ পৰা ১৪ হাজাৰ লিটাৰলৈকে ডিজেল ক’লা বজাৰত বিক্ৰী কৰাৰ অভিযোগ উঠিছে। অৱশ্যে চুৰি তেলৰ সঠিক পৰিমাণ আৰু এই ব্যৱসায়ৰ পৰা হোৱা মুঠ আৰ্থিক ক্ষতি তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতহে স্পষ্ট হ’ব। এই ঘটনাত আন এটা গুৰুত্বপূৰ্ণ অভিযোগ হৈছে—তেল চুৰিৰ সময়ত ৰেল ডিপ’ৰ চিচিটিভি কেমেৰা বন্ধ কৰি ৰখা হৈছিল ।
অভিযোগ অনুসৰি, মূল অভিযুক্ত বুলি সন্দেহ কৰা ৰাভাৰ ভূমিকাক লৈ তদন্তকাৰীসকলে বিশেষভাৱে অনুসন্ধান চলাইছে। চিচিটিভি কেমেৰা কেতিয়া, কিয় আৰু কাৰ নিৰ্দেশত বন্ধ কৰা হৈছিল, সেই তথ্য এতিয়া তদন্তৰ অন্যতম গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। অভিযানৰ পাছত গোচৰটো ৰেল আৰক্ষীৰ হাতত চমজাই দিয়া হয়। ৰেল আৰক্ষীয়ে ইতিমধ্যে এই তেল চুৰি আৰু অবৈধ ব্যৱসায়ৰ সৈতে জড়িত বুলি সন্দেহ কৰা ৯ জন লোকক গ্ৰেপ্তাৰ কৰিছে।