তেজপুৰত উদ্ধাৰ বৃহৎ অজগৰ

তেজপুৰ : তেজপুৰৰ আৰক্ষী উপ পৰিদৰ্শক বাংলোৰ সমীপৱৰ্তী তল গেৰেকী অঞ্চলত এটা বৃহৎ অজগৰ সাপ প্ৰত্যক্ষ কৰাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। স্থানীয় ৰাইজে অজগৰটো প্ৰত্যক্ষ কৰাৰ পিছতে বন বিভাগক খবৰ দিয়ে।
ইফালে, বন বিভাগে অজগৰটো উদ্ধাৰৰ ক্ষেত্ৰত তাৎক্ষণিকভাৱে বিশেষ অগ্ৰগতি লাভ কৰিব নোৱাৰাত স্থানীয় বাসিন্দা অৰুপ কলিতাই সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীক বিষয়টো অৱগত কৰে।
খবৰ লাভ কৰাৰ পিছতে সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীয়ে আৰু সৰ্পবন্ধু ৰাজ বল্লভ শৰ্মাক লগত লৈ ঘটনাস্থলীত উপস্থিত হৈ অজগৰটো সফলতাৰে উদ্ধাৰ কৰে। পৰৱৰ্তী সময়ত বন বিভাগৰ সহযোগত উদ্ধাৰ কৰা অজগৰটো ভোমোৰাগুৰী বনাঞ্চলত নিৰাপদে মুকলি কৰি দিয়া হয়।
বন বিভাগৰ তথ্য অনুসৰি, উদ্ধাৰৰ পিছত অজগৰটোৰ জোখ লোৱাত ইয়াৰ দৈৰ্ঘ্য ১৮ ফুট বুলি জানিব পৰা যায়। বন বিভাগৰ ৰেকৰ্ড অনুসৰি, ২০২৬ বৰ্ষত এতিয়ালৈকে অসমত উদ্ধাৰ হোৱা অজগৰসমূহৰ ভিতৰত এইটোৱেই সৰ্ববৃহৎ অজগৰ বুলি জানিব পৰা গৈছে।

Comments (0)
Add Comment