উজনিৰ পাচত এতিয়া বানৰ কৱলত নামনি অসম; বিপৰ্যস্ত জনজীৱন

আমাৰ ৰাজ্যখন বৰ্তমানেও বানৰ প্ৰভাৱৰ পৰা মুক্ত হোৱা নাই । বানে ধোৱা উজনিত বানৰ নেতিবাচক প্ৰভাৱ অব্যাহত থকাৰ সময়তে এতিয়া বানৰ প্ৰভাৱ পৰিলক্ষিত হৈছে নামনি অসমত । মঙলবাৰৰ পৰা ধাৰাবাহিক বৰষুণ অব্যাহত থকাৰ ফলত তথা ভূটানৰ কুৰিশ্ব বান্ধৰ পানী খুলি দিয়াৰ ফলত ওদালগুৰি আৰু শোণিতপুৰ জিলাৰ জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পাইছে । আনকি প্ৰবল বৃষ্টিপাতৰ ফলত ইতিমধ্যে খহি পৰিল মাজবাটৰ ভূটিয়ামাৰী নৈৰ ওপৰৰ দলং।

দলংখন খহি পৰাৰ ফলত মাজবাটৰ পৰা খুচুৰাবাৰী যোৱা পথৰ যাতায়ত ব্যৱস্থা ক্ষতিগ্ৰস্ত হৈ পৰিছে । হাজাৰ হাজাৰ ৰাইজ বিচ্ছিন্নহৈ পৰিছে । ইয়াৰোপৰি বহু গাঁও প্লাবিত হৈ পৰাৰ ফলত বিচ্ছিন্ন হৈ পৰিছে । এই পৰিস্থিতিত স্থানীয় বাসিন্দাসকল আতংকিত হৈ পৰিছে ।

ভূটান- অৰুণাচল প্ৰদেশৰ পৰা নামি অহা নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলতেই মাজবাট সমষ্টিৰ কেইবাখনো গাঁও এতিয়া জলমগ্ন হৈ পৰিছে । বানৰ কৱলত পৰা অঞ্চলসমূহ হ’ল খাৰামাখা, ডাফলাপোটা, পূৱ কুৰুৱাবাহী, টেকেলিবিল আৰু ফুলুগুৰি । লক্ষণীয় যে ইতিমধ্যে ফেনে-ফুটুকাৰে ওফন্দি উঠিছে পাগলাদিয়া নৈ ।

শোণিতপুৰৰ জামুগুৰিঘাট সম্পূৰ্ণ অঞ্চল বিস্তীৰ্ণ হৈ পৰা বুলি জানিব পৰা গৈছে । ৰাস্তা-ঘাটৰ সমান্তৰালভাৱে বানত ডুব গৈছে মানুহৰ ঘৰ-দুৱাৰ ।
এই পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে স্থানীয় প্ৰশাসন সাজু হৈ আছে যদিও ব্ৰহ্মপুত্ৰৰ বুকু এতিয়াও ওফন্দি থকাৰ বাবে আগন্তুক ২৪ ঘন্টাত আৰু অধিক গাঁও ক্ষতিগ্ৰস্ত হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে ।

Comments (0)
Add Comment