অসম আৰক্ষীৰ জোৱান নৱজিৎ দাসৰ মৃত্যুৰ সৈতে ড্ৰাগছ মাফিয়া জড়িত আছে বুলি সোমবাৰে চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ জোৰ দি কয় যে ডিমা হাছাও জিলাত সংঘটিত হোৱা উপ-পৰিদৰ্শক নিহত হোৱা ঘটনাটো আপাত দৃষ্টিত হিট এণ্ড ৰাণ কাণ্ড যেন লাগিলেও; এই মৃত্যুৰ আঁৰত আছে ড্ৰাগছ বেপাৰী ।
লাইছং আৰক্ষী আউটপোষ্টৰ ভাৰপ্ৰাপ্ত উপ-পৰিদৰ্শক নৱজিত দাসৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু পৰৱৰ্তী সময়ত অধিক সৱিশেষ তথ্য শ্বেয়াৰ কৰা হ’ব বুলিও শৰ্মাই কয় । গুৱাহাটীত আয়োজিত এক সংবাদমেলত শৰ্মাই কয়, ‘নৱজিত দাসক বেপাৰীয়ে হত্যা কৰা বুলি বিশ্বাসযোগ্য তথ্য পোৱা গৈছে । আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰু সবিশেষ তথ্য পৰৱৰ্তী সময়ত শ্বেয়াৰ কৰা হ’ব ।
উল্লেখ্য যে বিগত শুকুৰবাৰে সন্ধিয়া লাইছং অঞ্চলত তালাচী অভিযান চলাই থকা অৱস্থাতে এখন গাড়ীয়ে খুন্দা মৰাৰ ফলত আৰক্ষী জোৱান দাস নিহত হয় । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন দুজন পলাতক অৱস্থাত আছে ।
আৰক্ষীয়ে জনোৱা মতে, এ এছ-০২-এজে-৪৩৩৫ নম্বৰৰ পঞ্জীয়ন নম্বৰৰ গাড়ীখন পিছত অঞ্চলটোত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় । তদন্তকাৰীয়ে বাহনখন আৰু সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহৰ গোচৰবোৰো পৰীক্ষা কৰি আছে । জানিব পৰা মতে, নগাঁও জিলাৰ জুৰীয়াৰ এজন বাসিন্দাৰ নামত বাহনখন পঞ্জীয়ন কৰা আছে ।
ম্যানমাৰৰ পৰা অসমলৈ নিচাজাতীয় সামগ্ৰী অনাৰ বাবে ড্ৰাগছ সৰবৰাহকাৰীয়ে নিজৰ পথ সলনি কৰা বুলিও শৰ্মাই কয় । লগতে নতুন পথটো অৰুণাচল প্ৰদেশৰ মাজেৰে পাৰ হৈ গৈছে বুলি জনায় ।
ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ কঠোৰ স্থিতি পুনৰবাৰ উল্লেখ কৰি শৰ্মাই কয় যে তিনিদিন পূৰ্বে গুৱাহাটীত পঞ্জাৱৰ সৈতে সম্পৰ্ক থকা এটা ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰা হৈছিল ।