বাস্তুৰ দোহাই দি পত্নীক মাতৃগৃহলৈ যোৱাত বাধাৰ অভিযোগ জ্যোতিষী স্বামীৰ বিৰুদ্ধে

তেজপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । এজন জ্যোতিষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলিছে পত্নীয়ে । ঘটনা সংঘটিত হোৱাৰ স্থান তেজপুৰৰ বিহগুৰি ।

জানিব পৰা মতে, বিহগুৰিৰ জ্যোতিষী তথা বাস্তু শাস্ত্ৰৰ পণ্ডিত আদিত্য নাথৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে তেওঁৰ পত্নী পাৰমিতা নেওঁগে । ৬ মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱাৰ পাচত আদিত্য তথা তেওঁৰ পৰিয়ালে নানান মানসিক-শাৰীৰিক অত্যাচাৰ নৱবিবাহিতাগৰাকীৰ ওপৰত চলাই আহিছিল বুলি সংবাদ মাধ্যমৰ আগত অভিযোগ তোলে ভুক্তভোগী মহিলাগৰাকীয়ে ।

ভুক্তভোগী মহিলাগৰাকীয়ে জনোৱা অনুসৰি জ্যোতিষী স্বামীয়ে বাস্তু দোষৰ দোহাই দি পত্নীক মাকৰ ঘৰলৈ যাবলৈও বাধা দিয়ে । ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপি স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে পাৰমিতা নেওঁগে । লগতে স্বামী আদিত্য নাথক ‘চৰিত্ৰহীন’ আৰু ‘ভুৱা জ্যোতিষী’ বুলিও অভিযোগ কৰিছে পত্নীগৰাকীয়ে । গুৰুতৰ অভিযোগ তুলি ভুক্তভোগী পত্নীগৰাকীয়ে স্বামীৰ বহু নাৰী-যুৱতীৰ সৈতে এতিয়াও সম্বন্ধ আছে বুলিও কয় । অৱশ্যে এই অভিযোগসমূহৰ সত্যতা আৰক্ষীৰ নিৰহ-নিপানী তদন্তৰ পাছতহে স্পষ্ট হ’ব । ঘটনাটোক কেন্দ্ৰ কৰি এতিয়া অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ ।

Comments (0)
Add Comment