বানত মৃতকৰ সংখ্যা বৃদ্ধি ৯৭ জনলৈ; বৰ্তমানেও বিপদসীমাৰ ওপৰেৰে বৈ আছে ধনশিৰি নৈ

অসমত এতিয়াও অব্যাহত আছে বানৰ বিভীষিকা ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বুলেটিন অনুসৰি এতিয়াও বানৰ কবলত আছে ৰাজ্যৰ ১৫ খন জিলা, ৩৯ টা ৰাজহ চক্ৰ আৰু ৪৮১ খন গাঁও । ক্ষতিগ্ৰস্ত জিলাসমূহৰ ভিতৰত আছে গোলাঘাট, শিৱসাগৰ, ওদালগুৰি, কামৰূপ (মেট্ৰ’), কামৰূপ, নগাঁও, দৰং, শোণিতপুৰ, হোজাই, লখিমপুৰ, বিশ্বনাথ, যোৰহাট, চৰাইদেউ, কাৰ্বি আংলং আৰু ধেমাজি ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া বান বুলেটিন অনুসৰি, সামগ্ৰিক বান পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হোৱাৰ লক্ষণ দেখা পোৱা গৈছে । কিন্তু অসমৰ বানত মানুহৰ মৃত্যুৰ সংখ্যা বৃদ্ধি হৈয়ে আছে আৰু এই সংখ্যা বৰ্তমান হৈছে ৯৭ জন ।

তথ্য অনুসৰি ১,৬৮,৭০১ গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈ থকাৰ বিপৰীতে ৰাজ্যজুৰি ১৪,৩৮২.২৬ হেক্টৰ শস্য ভূমি পানীৰ তলত আছে । শিৱসাগৰত বানাক্ৰান্তৰ সংখ্যা সৰ্বাধিক ৪৯,৫১৫ গৰাকী, যোৰহাটত ২৭,৮৪২ আৰু চৰাইদেউত ২১,৪৮৬ গৰাকী ।

আনহাতে বৰ্তমানেও নুমলীগড়ত ধনশিৰি (দক্ষিণ) নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে ।

ৰাজ্যিক প্ৰশাসনে ক্ষতিগ্ৰস্ত বাসিন্দাসকলক সহায় কৰিবলৈ ৫০ টা সাহায্য শিবিৰ আৰু ৮৩ টা সাহায্য বিতৰণ কেন্দ্ৰকে ধৰি ১৩৩ টা সাহায্য কেন্দ্ৰ কাৰ্যকৰী কৰিছে । বৰ্তমান মুঠ ১০,১১১ জন লোকে সাহায্য শিবিৰত আশ্ৰয় লোৱাৰ বিপৰীতে ৩৫,৫৯৬ জন লোকে শিবিৰৰ বাহিৰত সাহায্য বিতৰণ কেন্দ্ৰৰ জৰিয়তে সাহায্য লাভ কৰি আছে ।

জিলাভিত্তিক তথ্য অনুসৰি শিৱসাগৰত সৰ্বাধিক সাহায্য শিবিৰত ৭,০০৫ গৰাকী, যোৰহাটত ১২৭০ গৰাকী, নগাঁৱত ১,০১৬ গৰাকী, গোলাঘাটত ৫৮৯ গৰাকী আৰু দৰঙত ২৩১ গৰাকী লোক আৱদ্ধ হৈ আছে ।

Comments (0)
Add Comment