চলিত বৰ্ষতেই সম্পন্ন হ’ব জুবিন ক্ষেত্ৰৰ দেৱাল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

সোমবাৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে জুবিন ক্ষেত্ৰ । গুৱাহাটীৰ কাষৰীয়া সোণাপুৰস্থিত জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰি ইয়াৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি পৰীক্ষা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । এই পৰিদৰ্শনৰ সময়ত তেওঁ নিৰ্মাণ সম্বন্ধীয় কাম-কাজ খৰখেদাকৈ আৰু সঠিকভাৱে আগুৱাই নিবলৈ নিৰ্দেশ দিয়ে ।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চলিত বৰ্ষৰ ছেপ্টেম্বৰ-অক্টোবৰৰ ভিতৰত জুবিন ক্ষেত্ৰৰ চাৰিসীমাৰ দেৱালৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলি আশা প্ৰকাশ কৰিছে । লগতে দেৱালৰ কাম শেষ হোৱাৰ পিছত সংগ্ৰহালয় (Museum) আৰু মুকলি মঞ্চৰ কাম আৰম্ভ হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “সীমাৰ দেৱাল নিৰ্মাণৰ কাম সমাপ্ত হোৱাৰ লগে লগে মূল যি প্ৰস্তাৱিত মুকলি মঞ্চ, মিউজিয়াম আদিৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব ৷ ইয়াত থাকিব এখন সু-বৃহৎ আৰু আটকধুনীয়া মুকলি মঞ্চ, অসমৰ চহকী সংস্কৃতি আৰু ঐতিহ্যক প্ৰতিফলিত কৰিব পৰা এটা অত্যাধুনিক সংগ্ৰহালয় । এই দুয়োটা প্ৰকল্পই ‘জুবিন ক্ষেত্ৰ’ক এক জীৱন্ত সাংস্কৃতিক প্ৰাণকেন্দ্ৰলৈ ৰূপান্তৰিত কৰিব বুলি আশা কৰিছে ।”

জুবিন ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা, কৌশিক ৰায় আৰু স্থানীয় বিধায়কৰ লগতে চৰকাৰী বিষয়ববীয়াসকল আৰু অভিযন্তাসকল ।

উল্লেখ্য যে, ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰৰ দিনটোত আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে কায়িকভাবে হেৰাই গৈছিল হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু ইয়াৰ পাচতে শিল্পীগৰাকীৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন হৈছিল গুৱাহাটীৰ পৰা নিলগৰ সোণাপুৰত । শিল্পীগৰাকীৰ মৃত্যুৰ পাচতেই প্ৰায় ১০০ বিঘা ভূমিত নিৰ্মাণৰ বাবে চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰিছিল ‘জুবিন ক্ষেত্ৰ’ ।

Comments (0)
Add Comment