বৃহৎ পৰিমাণৰ বিদেশী সুৰাৰ সৈতে কাছাৰত আৰক্ষীৰ জালত এজন

ৰাজ্যৰ আৰক্ষী-প্ৰশাসন ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিলেও ৰাজ্যত কমা নাই নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ । আৰক্ষীৰ চকুত ধূলি দি নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ অব্যাহত ৰাখিছে একাংশই । শেহতীয়াকৈ ৰাজ্যত পুনৰ উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ বিদেশী সুৰা । কাছাৰ আৰক্ষীয়ে দিগৰখালত তালাচী চলাই জব্দ কৰিছে ২৫৩ কাৰ্টন বিদেশী সুৰা ।‌ অন্য খাদ্য সামগ্ৰীৰ তলত লুকুৱাই মিজোৰামলৈ সৰবৰাহৰ সময়তে কাছাৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় এই বুজন পৰিমাণৰ অবৈধ বিদেশী সুৰা ।‌ জানিব পৰা মতে, মেঘালয়ৰ পৰা মিজোৰামলৈ সৰবৰাহৰ সময়তে অসম আৰক্ষীয়ে জব্দ কৰে সুৰাখিনি ।

আৰক্ষীয়ে জনোৱা অনুসৰি মেঘালয়ৰ পৰা মিজোৰাম অভিমুখী এখন ট্ৰাকত‌ আৰক্ষীয়ে তালাচী চলাইছিল আৰু ইয়াৰ পাচতে গুমৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় সুৰাখিনি ।  গুমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ মিলিৰ নেতৃত্বত দিগৰখাল চেক পইন্টত তালাচী চলাইছিল আৰক্ষীয়ে । ট্ৰাকখনৰ পৰা বিভিন্ন ব্ৰেণ্ডৰ ২৫৩ কাৰ্টন মেঘালয়ত প্ৰস্তুত কৰা বিদেশী সুৰা জব্দ কৰে আৰক্ষীয়ে ।

মেঘালয়ৰ পৰা মিজোৰামলৈ সৰবৰাহৰ চেষ্টা কৰা সুৰাখিনিৰ‌ কোনো‌ বৈধ নথি‌পত্ৰ নথকাৰ বাবে আৰক্ষীয়ে জব্দ কৰে এই বুজন পৰিমাণৰ সুৰাখিনি । জব্দ কৰা সুৰাখিনিৰ‌ বজাৰ মূল্য প্ৰায় ৪০ লাখ টকা হ’ব বুলি জানিবলৈ দিছে আৰক্ষীয়ে ।

ইফালে, অবৈধভাৱে সুৰা সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ট্ৰাকখনৰ চালকক গ্ৰেপ্তাৰ কৰিছে । সুৰাখিনি মেঘালয়ৰ পৰা কোনে মিজোৰামলৈ সৰবৰাহৰ চেষ্টা চলাইছিল আৰু মিজোৰামত কাৰ ওচৰত বিক্ৰী কৰাৰ কথা আছিল, এই সকলো তথ্য উলিয়াবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Comments (0)
Add Comment