হাজোৰ ৰাজাবজাৰ গাঁৱত যৌতুকৰ দাবীক কেন্দ্ৰ কৰি এগৰাকী বোৱাৰীক স্বামী, শহুৰ, শাহু আৰু দেওৰেকে মিলি হত্যাৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি, ঘৰৰ ভিতৰত দৰ্জা বন্ধ কৰি বোৱাৰীগৰাকীক মাৰপিট কৰাৰ লগতে পাঁচ লাখ টকা যৌতুক নিদিলে পেট্ৰ’ল ঢালি হত্যা কৰাৰ ভাবুকি দিয়া হয়।
উপায়ন্তৰ হৈ বোৱাৰীগৰাকীয়ে ঘৰৰ দৰ্জা ভাঙি বাহিৰলৈ ওলাই আহি ৰাজপথেৰে দৌৰি গৈ নিজৰ প্ৰাণ ৰক্ষা কৰে বুলি অভিযোগ কৰিছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।
অভিযোগ অনুসৰি, বোৱাৰীগৰাকীৰ স্বামী চি আৰ পি এফত কৰ্মৰত। বিবাহৰ পিছৰে পৰা যৌতুক বিচাৰি স্বামীয়ে তেওঁক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে। এই নিৰ্যাতনত স্বামীৰ লগতে তেওঁৰ পিতৃ-মাতৃ আৰু ভাতৃয়েও সহযোগ কৰাৰ অভিযোগ কৰিছে বোৱাৰীগৰাকীয়ে।
উল্লেখ্য যে দম্পতীহালৰ এটি ন-মহীয়া পুত্ৰ সন্তান আছে। সন্তানটি জন্মগতভাৱে এখন ভৰি অক্ষম বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি, বিগত ন-মাহে সন্তান আৰু পত্নীৰ খবৰ লোৱা নাছিল পতিয়ে। বিষয়টো লৈ নলবাৰীস্থিত চি আৰ পি এফ হেডকোৱাৰ্টাৰত অভিযোগ দিয়াৰ পিছত পত্নী আৰু সন্তানক ঘৰলৈ লৈ যায়।
কিন্তু ঘৰলৈ নিয়াৰ দুদিনৰ পাছতেই পুনৰ বোৱাৰীগৰাকীৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। অৱশেষত জীৱনৰ প্ৰতি ভাবুকি অনুভৱ কৰি তেওঁ ঘৰৰ পৰা পলায়ন কৰি প্ৰাণ ৰক্ষা কৰে বুলি অভিযোগ কৰিছে।
সমগ্ৰ ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি ইতিমধ্যে বোৱাৰীগৰাকীয়ে হাজো আৰক্ষীৰ কাষ চাপিছে। ঘটনাটোৰ তদন্তৰ লগতে অভিযোগসমূহৰ সত্যতা আৰক্ষীয়ে পৰীক্ষা কৰি আছে।