তেজপুৰত দিনদুপৰতে নৱম শ্ৰেণীৰ ছাত্ৰীক অপহৰণৰ চেষ্টা

তেজপুৰ চহৰত দিনদুপৰতে নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক অপহৰণৰ চেষ্টাৰ অভিযোগক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। শুকুৰবাৰে পুৱা বিদ্যালয়লৈ গৈ থকা অৱস্থাত তেজপুৰ চিভিল চাৰিআলিৰ সমীপত তিনিজন যুৱকে ছাত্ৰীগৰাকীক অপহৰণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে, ছাত্ৰীগৰাকী ই-ৰিক্সাযোগে তেজপুৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ গৈ আছিল।

অভিযোগ অনুসৰি, পুৱা প্ৰায় ৯ বজাত চিভিল চাৰিআলিৰ সমীপত তিনিজন যুৱকে ছাত্ৰীগৰাকীক ই-ৰিক্সাৰ পৰা নমাই লৈ যোৱাৰ চেষ্টা কৰে। এই সময়ত ছাত্ৰীগৰাকীয়ে প্ৰতিৰোধ কৰাৰ চেষ্টা কৰাত অপহৰণকাৰী বুলি সন্দেহ কৰা যুৱককেইজনে তেওঁৰ কাপোৰ ফালি পেলোৱাৰো অভিযোগ উঠিছে। ছাত্ৰীগৰাকীৰ চিঞৰ-বাখৰ আৰু পৰিস্থিতি লক্ষ্য কৰি কেইগৰাকীমান যুৱক আগবাঢ়ি অহাত অৱশেষত তেওঁ অপহৰণৰ পৰা ৰক্ষা পৰে বুলি জানিব পৰা গৈছে।

ঘটনাটোৰ পাছতে ছাত্ৰীগৰাকী আৰু পৰিয়ালৰ মাজত আতংকৰ সৃষ্টি হয়। ঘটনাৰ গুৰুত্ব উপলব্ধি কৰি শোণিতপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ হস্তক্ষেপত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে অভিযুক্তসকলৰ সন্ধানত আৰক্ষীয়ে অনুসন্ধান চলাইছে। ছাত্ৰীগৰাকীৰ ভাষ্য আৰু ঘটনাৰ সময়ত উপস্থিত থকা লোকসকলৰ বক্তব্যও তদন্তৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিছে।

ইফালে ঘটনাটোক কেন্দ্ৰ কৰি তেজপুৰ চহৰত ই-ৰিক্সা চালকসকলৰ ভূমিকাক লৈও পুনৰ প্ৰশ্ন উত্থাপন হৈছে। তেজপুৰত বৃদ্ধি পোৱা ই-ৰিক্সাৰ চালকৰ একাংশৰ বিৰুদ্ধে পূৰ্বেও বিভিন্ন অসামাজিক কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে। বিশেষকৈ ড্ৰাগছ সৰবৰাহৰ দৰে অপৰাধমূলক কাৰ্যকলাপত একাংশ ই-ৰিক্সা চালক জড়িত থকাৰ অভিযোগ বিভিন্ন সময়ত প্ৰকাশ পাইছে। অৱশ্যে এই অভিযোগসমূহৰ ক্ষেত্ৰত সকলো ই-ৰিক্সা চালকক একে দৃষ্টিৰে চোৱাটো উচিত নহয়।

দিনদুপৰতে এখন বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰীক ৰাজহুৱা স্থানত অপহৰণৰ চেষ্টা চলোৱাৰ অভিযোগে স্বাভাৱিকতেই তেজপুৰৰ নিৰাপত্তা ব্যৱস্থাক লৈ উদ্বেগ সৃষ্টি কৰিছে। বিশেষকৈ বিদ্যালয়লৈ অহা-যোৱা কৰা ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ বিষয়টো অধিক গুৰুত্বসহকাৰে চোৱাৰ দাবী উঠিছে। আৰক্ষীয়ে ঘটনাটোৰ সৈতে জড়িত লোকসকলক শীঘ্ৰে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবনে আৰু তেজপুৰ চহৰত বিদ্যালয়ীয়া ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তাৰ বাবে কি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া এতিয়া লক্ষণীয় হ’ব।

Comments (0)
Add Comment