খাচী ছাত্ৰ সন্থাৰ অগণতান্ত্ৰিক আচৰণক ধিক্কাৰ অসম ৰাজ্যিক চালক সন্থাৰ; শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী মেঘালয় চৰকাৰক

১৯ আগষ্টৰ দিনা চুবুৰীয়া ৰাজ্য মেঘালয়ত খাচী ছাত্ৰ সন্থাই গ্ৰহণ কৰিছিল প্ৰতিবাদী কাৰ্যসূচী । শ্বিলঙত Khasi Students’ Union (KSU)-ৰ একাংশ প্ৰতিবাদকাৰীয়ে ৰাজপথত অসমীয়া বাহনসমূহক লক্ষ্য কৰি ভাঙি-চিঙি, চালকসকলক ভয়-ভাবুকি প্ৰদান কৰি তাণ্ডৱ চলোৱা ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি উক্ত ঘটনাক অসম ৰাজ্যিক চালক সন্থাই তীব্ৰ ভাষাৰে নিন্দা কৰাৰ লগতে গৰিহণা দিছে ।

এক প্ৰেছ বিজ্ঞপ্তিযোগে সন্থাৰ সভাপতি ধ্ৰুৱৰাজ অসমে কয় যে প্ৰতিবাদ কৰাৰ গণতান্ত্ৰিক অধিকাৰ সকলোৰে আছে । কিন্তু কোনো প্ৰতিবাদৰ নামত নিৰীহ চালকক আক্ৰমণ কৰা, বাহন ভাঙি পেলোৱা, সম্পত্তি ধ্বংস কৰা বা মানুহৰ মাজত ভয়ৰ পৰিৱেশ সৃষ্টি কৰাৰ অধিকাৰ কাৰো নাই । চালকসকল কোনো ৰাজনৈতিক সংঘাতৰ পক্ষ নহয় । তেওঁলোকে কেৱল নিজৰ জীৱিকা উপাৰ্জনৰ বাবে ৰাজপথত চলাচল কৰে । সেয়েহে চালকসকলক লক্ষ্য কৰি কৰা এনে আক্ৰমণ কেৱল ব্যক্তিগত আক্ৰমণে নহয়; ই অসমৰ শ্ৰমজীৱী চালক সমাজৰ ওপৰত কৰা এক গুৰুতৰ অন্যায় ।

তদুপৰি সন্থাই স্পষ্ট কৰি দিয়ে, ” অসমৰ চালকসকলক দুৰ্বল বুলি গণ্য কৰি ভয়-ভাবুকি প্ৰদান কৰাৰ দিন এতিয়া শেষ । কোনো পক্ষই যাতে এনে ঘটনাক পুনৰ সংঘটিত কৰাৰ সাহস নকৰে, তাৰ বাবে মেঘালয় চৰকাৰে তাৎক্ষণিক আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব ।”

অসম ৰাজ্যিক চালক সন্থাই লগতে কেবাটাও দাবী উত্থাপন কৰি কয় যে মেঘালয়ৰ মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীয়ে এই ঘটনাৰ বাবে সমূহ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খোজা উচিত । লগতে ক্ষতিগ্ৰস্ত সকলো বাহন আৰু চালকক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰো দাবী জনায় সন্থাই । ইয়াৰ লগতে ঘটনাৰ সৈতে জড়িত সকলো অপৰাধীক চিনাক্ত কৰি তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰাৰ লগতে আইন অনুসৰি কঠোৰ শাস্তি প্ৰদানৰো দাবী জনায় চালক সন্থাই । ইয়াৰ লগতে মেঘালয়ত কৰ্মৰত আৰু চলাচল কৰা প্ৰতিগৰাকী অসমীয়া চালকৰ নিশ্চিত নিৰাপত্তাৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদানৰ বাবেও সন্থাই দাবী কৰে ।

সন্থাই বিজ্ঞপ্তিখনত তেওঁলোকৰ এই দাবী প্ৰতিবাদ অন্যায়, হিংসা আৰু আইন হাতত তুলি লোৱাসকলৰ বিৰুদ্ধেহে বুলিও স্পষ্ট কৰি দিছে । ইয়াৰ লগতে অসম ৰাজ্যিক চালক সন্থাই অসমীয়া চালকৰ ওপৰত কৰা এই বৰ্বৰ আক্ৰমণ কেতিয়াও সহ্য নকৰে বুলি উল্লেখ কৰি ন্যায় নোপোৱা পৰ্যন্ত সংগ্ৰাম অব্যাহত ৰাখিব বুলিও স্পষ্ট কৰি দিয়ে ।: অসম ৰাজ্যিক চালক সন্থা (A S D U)

assam meghalaya conflictঅসম ৰাজ্যিক চালক সন্থাখাচী ছাত্ৰ সন্থামেঘালয় চৰকাৰ
Comments (0)
Add Comment