সীমান্ত উত্তেজনাক লৈ অসম–মেঘালয়ৰ উচ্চপৰ্যায়ৰ বৈঠক

শ্বিলঙত ১৯ আগষ্টত সংঘটিত ঘটনাৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিবলৈ আজি কইনাধৰা ষ্টেট গেষ্ট হাউছত মেঘালয় আৰু অসম চৰকাৰৰ মাজত এখন গুৰুত্বপূৰ্ণ যৌথ বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী ড° এছ. ধৰ আৰু অসমৰ মন্ত্ৰী অতুল বৰাই নেতৃত্ব দিয়ে। দুয়োখন ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকলেও বৈঠকত অংশগ্ৰহণ কৰে।

তিনি ঘণ্টাতকৈ অধিক সময় ধৰি চলা আলোচনাৰ অন্তত পৰিস্থিতি স্বাভাৱিক কৰা, নাগৰিক আৰু পৰ্যটকৰ নিৰাপত্তা নিশ্চিত কৰা তথা দুয়োখন ৰাজ্যৰ মাজত যাতায়াত সুচল কৰাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

মেঘালয় চৰকাৰে ১৯ আগষ্টৰ ঘটনাক লৈ আন্তৰিক দুখ প্ৰকাশ কৰাৰ লগতে ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। চৰকাৰে জনায় যে Khasi Students’ Union (KSU)-ৰ সভাপতি, উপ-সভাপতি আৰু সাধাৰণ সম্পাদকক Meghalaya Maintenance of Public Order Act-ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাটোৰ সন্দৰ্ভত এতিয়ালৈকে ১৫খন FIR পঞ্জীয়ন কৰা হৈছে।

ইয়াৰ উপৰি ঘটনাৰ সৈতে জড়িত পাঁচজন মুখ ঢকা ব্যক্তিক চিনাক্ত কৰা হৈছে। বিশেষকৈ অসমত পঞ্জীয়নভুক্ত বাহনত আক্ৰমণ চলোৱা লোকসকলক চিনাক্ত কৰি আইন অনুসৰি ব্যৱস্থা গ্ৰহণৰ বাবে এটা বিশেষ তদন্তকাৰী দল (SIT) গঠনৰ সিদ্ধান্ত লোৱা হয়।

বৈঠকত জানিবলৈ দিয়া মতে, ইতিমধ্যে ৩,৭৭০ৰো অধিক অসমত পঞ্জীয়নভুক্ত বাহনক মেঘালয়ৰ পৰা নিৰাপদে অসমলৈ উভতাই অনা হৈছে। মেঘালয়ত আবদ্ধ হৈ থকা অধিকাংশ যাত্ৰী আৰু প্ৰায় ৪০২-৫০০খন বাহন উমিয়াম হ্ৰদকে ধৰি গুৰুত্বপূৰ্ণ যাতায়াত কৰিড’ৰসমূহেৰে নিৰাপদে আগবাঢ়িছে। এতিয়াও কোনো যাত্ৰী বা বাহন অসমলৈ উভতি আহিবলৈ বাকী থাকিলে পৰৱৰ্তী ৪৮ ঘণ্টাৰ ভিতৰত বিশেষ এস্কৰ্টৰ জৰিয়তে তেওঁলোকক অসমলৈ অনাৰ ব্যৱস্থা কৰা হ’ব।

অসম কন্ট্ৰ’ল ৰূমলৈ ৫৪টা জৰুৰী ফোন অহাৰ কথা বৈঠকত প্ৰকাশ কৰা হয়। ইয়াৰ সৈতে ১৭৫জন লোক জড়িত আছিল আৰু তেওঁলোকৰ স্থানান্তৰত সহায় আগবঢ়োৱা হৈছে। ইয়াৰ ভিতৰত ২২খন ব্যক্তিগত বাহন আৰু ৫খন পৰ্যটক বাহন আছে। আনহাতে, মেঘালয়ৰ কন্ট্ৰ’ল ৰূমলৈ এতিয়ালৈকে ৩৭৯টা জৰুৰী ফোন অহাৰ কথা জানিব পৰা গৈছে।

দুয়োখন ৰাজ্যৰ আৰক্ষীৰ মাজত বিশেষ সমন্বয় ব্যৱস্থা আৰু নিৰ্দিষ্ট হেল্পলাইন স্থাপনৰ সিদ্ধান্ত লোৱা হয়। আবদ্ধ হৈ থকা লোকসকলক বিচাৰি উলিওৱা আৰু সহায় কৰাৰ বাবে এটা অনলাইন সহায়ক মঞ্চও সক্ৰিয় কৰা হ’ব।

হেল্পলাইন: WhatsApp – +91 810 14 888 | লেণ্ডলাইন – 0361-2381-511

পৰিস্থিতি সম্পূৰ্ণৰূপে স্বাভাৱিক নোহোৱালৈকে এই সমন্বয় ব্যৱস্থা অব্যাহত থাকিব। আন্তঃৰাজ্যিক সীমান্তত উদ্ভৱ হোৱা দৈনন্দিন সমস্যা তৎকালীনভাৱে সমাধানৰ বাবে নংপোহৰ উপায়ুক্ত আৰু কামৰূপ মহানগৰৰ উপায়ুক্তৰ লগতে দুয়োখন জিলাৰ সমপৰ্যায়ৰ আৰক্ষী বিষয়াক লৈ এখন স্থায়ী জিলা পৰ্যায়ৰ যৌথ সমিতি গঠনৰ সিদ্ধান্ত লোৱা হয়।

ইয়াৰ লগতে পৰ্যটক পৰিবহণ সুচল আৰু নিয়ন্ত্ৰিত কৰাৰ বাবে দুয়োখন ৰাজ্যৰ পৰিবহণ বিভাগৰ কমিছনাৰ/সচিব পৰ্যায়ৰ বিষয়া আৰু পৰ্যটক বাহন সংস্থাৰ প্ৰতিনিধিক লৈ আন এখন যৌথ সমিতি গঠন কৰা হ’ব। এই সমিতিয়ে দুয়োখন ৰাজ্যৰ উমৈহতীয়া পৰ্যটন স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰতো কাম কৰিব।

অসম আৰু মেঘালয়ৰ মাজেৰে যান-বাহনৰ নিৰাপদ যাতায়াত নিশ্চিত কৰিবলৈ সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছে। অসমৰ দক্ষিণ অংশৰ পৰা ৰাজ্যখনৰ অন্যান্য অঞ্চললৈ আৰু বৰাক উপত্যকাৰ পৰা মেঘালয় হৈ যাতায়াত কৰা লোকসকলৰ লগতে মেঘালয়ৰ পৰা অসমৰ মাজেৰে ৰাজ্যখনৰ অন্যান্য অঞ্চললৈ যাত্ৰা কৰা লোকসকলৰ বাবেও নিৰাপত্তা নিশ্চিত কৰা হ’ব।

মেঘালয় চৰকাৰে পুনৰ নিশ্চিত কৰে যে অসম তথা দেশৰ অন্যান্য প্ৰান্তৰ পৰা মেঘালয়লৈ অহা সকলো পৰ্যটক আৰু বাহনৰ ৰাজ্যখনত থকা আৰু চলাচলৰ সময়ছোৱাত সুৰক্ষা আৰু নিৰাপত্তাৰ দায়িত্ব ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব।

Comments (0)
Add Comment