অসমৰ খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰ ক্ৰমাৎ কঠোৰ হোৱা পৰিলক্ষিত হৈছে । ১৭ আগষ্টৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহ্বান কৰা এক সংবাদমেলত এই কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীজনে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি ৰাজ্যৰ ৪০টা ৰাজহ চক্ৰত কেৱল অসমৰ খিলঞ্জীয়া লোকেই মাটি কিনা-বেচা কৰিব পৰা ব্যৱস্থা আৰম্ভ কৰিব অসম চৰকাৰে । ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শৰ ভিত্তিতেই ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে যদিও চৰকাৰে বৰ্তমান পৰ্যন্ত চক্ৰকেইটা চূড়ান্ত কৰা নাই বুলি সংবাদমেলত উল্লেখ কৰে ।
তদুপৰি, চৰকাৰে উল্লেখ কৰা এই ৪০টা ৰাজহ চক্ৰ এলেকাত তিনিটা প্ৰজন্ম অসমীয়া হ’লেহে ভূমি ক্ৰয়-বিক্ৰয় কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে । এই ৰাজহ চক্ৰসমূহৰ অধিকাংশই নামনি অসমত অৱস্থিত হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে সংবাদমেলত জনায় । ধুবুৰী, বৰপেটা আৰু গোৱালপাৰা জিলাৰ অৱশিষ্ট খিলঞ্জীয়া ভূমি সুৰক্ষিত কৰালৈ লক্ষ্য ৰাখিহে এই পদক্ষেপ কাৰ্যকৰী কৰাৰ প্ৰতি অধিক গুৰুত্ব দিছে চৰকাৰে ।
লক্ষণীয় যে, এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে এক কঠোৰ আইন আনিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে । ইয়াৰ জৰিয়তে নিৰ্দিষ্ট ৰাজহ চক্ৰসমূহত মাটি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত খিলঞ্জীয়া লোকৰ অধিকাৰ অধিক সুৰক্ষিত হ’ব বুলি আশা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে ।
বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ অনুসৰি অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমি আৰু অধিকাৰ সুৰক্ষাৰ বাবে চৰকাৰে পূৰ্বেও একাধিক ব্যৱস্থা গ্ৰহণ কৰি আহিছে । এই নতুন আইন কাৰ্যকৰী হ’লে নিৰ্বাচিত ৪০টা ৰাজহ চক্ৰত মাটি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰযোজ্য হ’ব ।