৯ আগষ্টৰ পৰা বানাক্ৰান্ত অঞ্চলৰ বিদ্যালয়সমূহ খোলাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ

শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উজনিৰ 4 বান বিধ্বস্ত ৰাজ্যক লৈ কেবিনেটত বিশদ আলোচনা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । উজনিৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বান পৰিস্থিতিকলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই ঘোষণা কৰে ।

বান বিধ্বস্ত জিলাকেইখনৰ শিক্ষাৰ্থীসকলৰ নতুন ইউনিফ’ৰ্মৰ বাবে মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ পৰা সমগ্ৰ শিক্ষা বিভাগক কাইলৈ ৮ কোটি টকা মোকলাই দিয়া হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “পাঠ্যপুথি কালি প্ৰেৰণ কৰা হৈছে । শিক্ষাৰ্থীসকলৰ ক্ষয়-ক্ষতিৰ হিচাপ চলাই থকা হৈছে ।” ইয়াৰ লগতে ৯ আগষ্টৰ পৰা বানাক্ৰান্ত অঞ্চলৰ বিদ্যালয়সমূহ পুনৰ খোলাৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে ।

ক্ষয়-ক্ষতিৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, “বানত ক্ষতিগ্ৰস্ত হোৱা শিক্ষাখণ্ডক পুনৰ সুচল কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে । শিৱসাগৰত ৫৫০ খন বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে । চৰাইদেউ জিলাতো বহু বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে । বোকাত আছে বিদ্যালয়সমূহ । অহা ৫-৬ আগষ্টৰ ভিতৰত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহক ২-৩ লাখ টকাকৈ দিয়া হ’ব । অহা ৯ আগষ্টৰ পৰা বানাক্ৰান্ত অঞ্চলৰ বিদ্যালয়সমূহ পুনৰ খোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।”

দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰৰ সাপ্তাহিক বৈঠক অনুষ্ঠিত হয় । বৈঠকৰ পাছতে সংবাদমেলযোগে কেবিনেটৰ সিদ্ধান্তসমূহ সদৰী কৰে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

শিক্ষাৰ লগতে বানৰ ফলত ক্ষতিগ্ৰস্ত যান-বাহনৰ সঠিক ক্ষতিপূৰণ নিশ্চিত কৰাৰ উদ্দেশ্যে ৫ আগষ্টত চৰকাৰী আৰু বেচৰকাৰী বীমা কোম্পানীসমূহৰ লগত বৈঠক কৰি আলোচনা কৰা হ’ব বুলি এই কেবিনেটত ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ।

বানাক্ৰান্ত ৪ খন জিলাৰ বীমা কোম্পানীসমূহৰ লগত আলোচনা কৰি বীমা নিষ্পত্তি ত্বৰান্বিত কৰাৰ ক্ষেত্রত ব্যৱস্থা গ্ৰহণ কৰা হ’ব । যিদৰে বৃহস্পতিবাৰে বেংকসমূহৰ লগত বৈঠক কৰি ঋণৰ ক্ষেত্রত সময়সীমা বৃদ্ধি কৰা হৈছিল । সেইদৰে ৫ আগষ্টত ন’ন ফাইনেন্সিং প্ৰতিষ্ঠান এন বি এফ চিৰ লগত আলোচনা কৰা হ’ব । যাতে বিভিন্ন ঋণৰ ক্ষেত্রত বানাক্ৰান্তক সকাহ দিব পাৰি ।”

Comments (0)
Add Comment