উজনি অসমত প্ৰলয়ংকাৰী বানে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বানপীড়িত ৰাইজক যথোচিত সাহায্য প্ৰদান কৰাৰ উদ্দেশ্যেৰে ৯ আগষ্টৰ পৰা আৰম্ভ কৰিছে জৰীপ ব্যৱস্থা । এই জৰীপৰ পিছতেই বানাক্ৰান্ত ৰাইজৰ ক্ষয়-ক্ষতিৰ সঠিক পৰিমাণ জানিব পৰা যাব আৰু ক্ষয়-ক্ষতিৰ বুজ লৈ ভুক্তভোগী লোকসকলক উচিত ক্ষতিপূৰণ দিব পৰা যাব । উল্লেখ্য যে, ইতিমধ্যে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈছে বুলি ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ।
উল্লেখ্য যে, অকস্মাতে অহা ভয়ংকৰ বানে হঠাতে তচনচ কৰি পেলাইছিল উজনি অসম । শিৱসাগৰ, যোৰহাট, চৰাইদেউৰ বিস্তীৰ্ণ অংশত বানে ধাৰণ কৰিছিল কাল ৰূপ । ইয়াৰ পাচতে বানত সৰ্বস্বান্ত হৈ পৰে স্থানীয় লোক । ঘৰ-দুৱাৰ এৰি আশ্ৰয় শিবিৰত আশ্ৰয় ল’বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় । এই লোকসকলকে পুনৰ সংস্থাপনৰ বাবে আগবাঢ়ি আহিছে অসম চৰকাৰ ।
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই বানপীড়িতৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে । ৰাজ্য চৰকাৰে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তকেইটা হ’ল:
ক) বানৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা লোকসকলে লাভ কৰিব ৩.৫০ লাখ টকা । আনহাতে, ১.৮৭ লাখ টকা সাধাৰণভাৱে ক্ষতিগ্ৰস্ত হোৱা লোকসকলক প্ৰদান কৰা হ’ব ।
খ) যিসকল লোকৰ ঘৰ-বাৰী সম্পূৰ্ণৰূপে ধ্বংস হৈছে সেইসকল লোকক ১.২০ লাখ টকাৰ সাহায্য প্ৰদান কৰা হ’ব ।
গ)মৃত্যু হোৱা প্ৰতিটো পশুধনৰ বিনিময়ত গৰাকীয়ে লাভ কৰিব ৩৭,৫০০ টকা ।
উল্লেখ কৰা প্ৰয়োজন যে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি শনিবাৰলৈকে বানত ৯৯ জন লোকে প্ৰাণ হেৰুৱাইছে যদিও ১২ খন জিলাৰ ১ লাখ ৪৭ হাজাৰৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈয়েই আছে । বানপানীৰ ফলত স্থানচ্যুত হোৱা ৮৫০০ৰো অধিক লোকে ক্ষতিগ্ৰস্ত জিলাৰ ৬ খনত সাহায্য শিবিৰত আশ্ৰয় লৈছে ।