ৰাজ্যৰ বানত মৃতকৰ সংখ্যা বৃদ্ধি ৮২ জনলৈ; খুলি দিয়া হ’ল দৈয়াং জলবিদ্যুৎ প্রকল্পৰ চাৰিখনকৈ গেট

শনিবাৰে পুনৰ দৈয়াং জলবিদ্যুৎ প্রকল্পৰ চাৰিখনকৈ গেট খুলি দিয়া হৈছে । ইয়াৰ পাচতে বৃদ্ধি পাইছে দৈয়াং নদীৰ জলস্তৰ ৷ এই আতংকিত সময় অব্যাহত থকাৰ সময়তে শুকুৰবাৰে পুনৰ শিৱসাগৰ জিলাৰ নাজিৰাত আৰু চৰাইদেউ জিলাৰ সোণাৰিত বানত মৃত্যু হোৱা ২ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ ইয়াৰ পাচতে ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৮২ জনলৈ ৷ বিশেষকৈ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত মৃত লোকৰ সংখ্যা বৃদ্ধি পাইয়ে থকা পৰিলক্ষিত হৈছে ৷ বৰ্তমানৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি এই সংখ্যা অধিক বৃদ্ধি হোৱাৰ আশংকা প্ৰকট হৈ উঠিছে ।

দৈয়াং জলবিদ্যুৎ প্রকল্পৰ চাৰিখনকৈ গেট পুনৰ খুলি দিছে যদিও বৰ্তমানেও শিৱসাগৰ, গোলাঘাট, যোৰহাট, নগাঁও আৰু চৰাইদেউ জিলাৰ ১৭ টা ৰাজহ চক্ৰৰ ৩৭৯ খন গাঁৱৰ ১,৯২,৭৯৯ লাখ লোক বানমুক্ত হোৱা নাই । এই তথ্য প্ৰকাশ পাইছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা দৈনিক বান সম্পৰ্কীয় বুলেটিনত ৷ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বানৰ ফলত চৰাইদেউ জিলাত ৭৭,৪৫৬ জন লোক বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে শিৱসাগৰ জিলাত ৬৩,৪৯২ জন আৰু যোৰহাটত ৩৪,০৬৭ জন লোক বানৰ ফলত প্ৰভাৱান্বিত হৈছে ।

জনস্বাস্থ্যৰ লগতে ১৫,৪৩০ হেক্টৰ কৃষি ভূমি বৰ্তমানো পানীৰ তলত থকাৰ ফলত অনিশ্চয়তাত ভুগিছে ভুক্তভোগী কৃষকসকল । চৰকাৰী তথ্য অনুসৰি ৰাজ্যৰ শেহতীয়া বানত ১০,৮৫৫ টা পশুধন আক্ৰান্ত হৈছে ।

বুলেটিনত উল্লেখ কৰা হৈছে যে বানাক্ৰান্ত জিলাসমূহত এতিয়াও মুঠ ৫৪টা সাহায্য শিবিৰ কাৰ্যক্ষম হৈ থকাৰ উপৰিও এই শিবিৰত প্ৰায় ১২,৯৯৪ জন লোকে আশ্ৰয় লৈছে ৷ সাহায্য সামগ্ৰী বিতৰণৰ বাবেও ২৬টা কেন্দ্ৰ মুকলি কৰা হৈছে আৰু ৫,৩৮৪ জন লোকক সাহায্য প্ৰদান কৰা হৈছে ।

Comments (0)
Add Comment