অসমৰ শেহতীয়া প্ৰলয়ংকৰী বানৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৭৫ জনলৈ । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দৈনিক বান সম্পৰ্কীয় বুলেটিনত প্ৰকাশ পাইছে এই তথ্য ৷ এই দৈনিক বুলেটিনত প্ৰকাশ পোৱা তথ্য অনুসৰি বানত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পাইছে ৩.৩২ লাখলৈ ৷
প্ৰাধিকৰণে আগবঢ়োৱা শেহতীয়া তথ্য অনুসৰি মঙলবাৰৰ দিনটোত শিৱসাগৰ জিলাৰ নাজিৰাত মৃত্যু ঘটিছে ৭ জন লোকৰ । ইফালে শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, যোৰহাট, নগাঁও, শোণিতপুৰ আৰু কামৰূপ (মহানগৰ) বানৰ ফলত বিস্তৰ ক্ষতি হৈছে আৰু ২১ টা ৰাজহ চক্ৰৰ ৬২২ খন গাঁৱৰ ৩ লাখ ৩২ হাজাৰ ৬৩৯ জন লোক বৰ্তমানো বানৰ মাজত আৱদ্ধ হৈ আছে ৷
অসমৰ বান পৰিস্থিতি সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা দ্বিতীয়টো ফেচবুক লাইভত শেহতীয়া বানত হোৱা ক্ষয়-ক্ষতিৰ খতিয়ান দাঙি ধৰি কয়, ‘‘আমি সকলোৱে জানো যে অসমৰ ২৫খন জিলাৰ ৭৭টা ৰাজহ চক্ৰ, ২,১৫৭ খন গাঁও এই বছৰ বানত আক্ৰান্ত হৈছে ৷ ইয়াৰ ভিতৰত আটাইতকৈ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত জিলা দুখন হৈছে শিৱসাগৰ আৰু চৰাইদেউ ৷ একেদৰে যোৰহাট আৰু গোলাঘাট জিলাও বানৰ দ্বাৰা প্ৰভাৱিত হৈছে ৷ বৰ্তমানলৈকে বানত আক্ৰান্ত এই চাৰিওখন জিলাতে ৬১ জন লোকৰ মৃত্যু হৈছে ৷ শিৱসাগৰত ৩০ গৰাকী, চৰাইদেউত ২০ গৰাকী, যোৰহাটত ৯ গৰাকী আৰু গোলাঘাটত দুগৰাকী লোকৰ বানত মৃত্যু হৈছে ৷ ৭৬,০০০ পশুধনৰো বানত মৃত্যু হৈছে আৰু প্ৰায় ৭৩,০০০ হেক্টৰ কৃষিভূমি বানত বিধ্বস্ত হৈছে ৷ গতিকে দুৰ্যোগ কিমান ডাঙৰ আমি তাক নিশ্চয় অনুমান কৰিব পাৰো ৷’’
পূৰ্বতকৈ বান কমিছে যদিও বানাক্ৰান্ত অঞ্চলত বৰ্তমানেও ভাৰতীয় সেনা, বায়ুসেনা, এছ ডি আৰ এফ, অগ্নিনিৰ্বাপক বাহিনী, এন ডি আৰ এফ আৰু জৰুৰীকালীন সেৱা আৰু স্বেচ্ছাসেৱক সংগঠনবোৰে সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।