ৰাজ্যত বান পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছে যদিও বন্যাৰ্তৰ দুখ-বেদনাৰ অন্ত পৰা নাই । চৰকাৰী তথ্য অনুসৰি শিৱসাগৰ, গোলাঘাট, বিশ্বনাথ, চৰাইদেউ, কামৰূপ (গ্ৰাম্য), যোৰহাট, ধেমাজি আৰু নগাঁও জিলা অৰ্থাৎ ৮ খনকৈ জিলা বৰ্তমানেও বানৰ দ্বাৰা প্ৰভাৱিত হৈ আছে ।
চৰকাৰে জানিবলৈ দিয়া অনুসৰি বৰ্তমান মুঠ ২,১২,৪৪১ গৰাকী লোক বানৰ কবলত আছে । সহস্ৰাধিক লোক এতিয়াও নিজৰ ঘৰখনলৈ উভতি আহিব পৰা নাই । দিন কটাবলগীয়া হৈছে অস্থায়ী আশ্ৰয় শিবিৰত । ইফালে বৰ্তমান পৰ্যন্ত বানত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৮০ জনলৈকে । 30 জুলাইৰ দিনটোত এই সংখ্যা আছিল ৭৮ জন । শেহতীয়া বানৰ সংহাৰী ৰূপে তচনচ কৰি পেলাইছে বিস্তৰ কৃষিভূমিকে ধৰি বৃহৎ পৰিমাণৰ শস্য । চৰকাৰী তথ্য অনুসৰি ১৭১৯৮.০৯ হেক্টৰ কৃষিভূমি এতিয়াও পানীৰ তলত ।
উল্লেখ্য যে, বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে আলোচনাৰ পিছত বানাক্ৰান্ত 4 জিলাৰ ঋণগ্ৰস্ত লোকৰ বাবে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে । ৪ জিলাৰ বানপীড়িতলৈ সাময়িক সকাহ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে । ৬ মাহৰ ঋণ মৰেটৰিয়াম ঘোষণা কৰিছে চৰকাৰে । ৬ মাহলৈ EMI বা ঋণৰ কিস্তি পৰিশোধ কৰিব নালাগে বানাক্ৰান্থই । ৬ মাহৰ পাচত ঋণৰ মূল ম্যাদৰ সৈতে এই সময়ছোৱা যোগ কৰা হ’ব ৷ পৰিশোধৰ ম্যাদ ২ বছৰলৈ বৃদ্ধি কৰিব পাৰিব ।
মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল বানত বাস্তৱিকভাৱে ক্ষতিগ্ৰস্ত লোকসকলেহে এই সাময়িক সকাহ লাভ কৰিব বুলি ঘোষণা কৰিছে । ১৯ জুলাই, ২০২৬ৰ পূৰ্বে ঋণ NPA নোহোৱা হ’ব লাগিব এই সকাহ লাভ কৰিবলৈ । ৰাজ্যিক পৰ্যায়ৰ বেংকিং কমিটিৰ বিশেষ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকত RBI, NABARD আৰু চৰকাৰী-বেচৰকাৰী বেংকৰ প্ৰতিনিধিসকল উপস্থিত আছিল ।