উজনি অসমত বানৰ প্ৰাৰ্দুভাৱ কমিলেও অব্যাহত আছে বানৰ সংহাৰ ৷ বুধবাৰে পুনৰ ৰাজ্যত উদ্ধাৰ কৰা হয় ৬ জনকৈ লোকৰ মৃতদেহ ৷ যাৰ ফলত এইবাৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হৈছে ৯৫ জনলৈ । ইফালে বানত ক্ষতিগ্ৰস্তৰ সংখ্যা ১৪ খন জিলাত ১.৬ লাখলৈ বৃদ্ধি পাইছে ।
দুৰ্যোগ প্ৰতিবেদন আৰু তথ্য ব্যৱস্থাপনা প্ৰণালীৰ (DRIMS) শেহতীয়া প্ৰতিবেদন অনুসৰি শিৱসাগৰ আৰু বিশ্বনাথ জিলাত বানত ২ জনকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে গোলাঘাট আৰু মৰিগাঁৱত এজনকৈ লোকৰ মৃত্যু ঘটিছে ।
ইফালে বিশ্বনাথ, চৰাইদেউ, দৰং, ধেমাজি, গোলাঘাট, যোৰহাট, কামৰূপ মহানগৰ, কাৰ্বি আংলং, লখিমপুৰ, নগাঁও, শিৱসাগৰ, শোণিতপুৰ, তিনিচুকীয়া, আৰু ওদালগুৰি জিলাৰ ৩৮ টা ৰাজহ চক্ৰৰ ৫৬৩খন গাঁও বানত ডুব গৈছে আৰু ক্ষতিগ্ৰস্ত হৈছে ১ লাখ ৬০ হাজাৰ ৬০০ ৰো অধিক লোক ।
প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি বানত ১৬,৯৫১.৭৬ হেক্টৰ শস্য নষ্ট হৈছে ৷ ইফালে ৩৫,০২৫ টা পশুধন ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে ৮,৫২৯ টা পশুধন বানৰ পানীয়ে উটুৱাই নিয়ে ।
উল্লেখ কৰা প্ৰয়োজন যে নুমলীগড়ত ধনশিৰি নদীৰ জলস্তৰ বৰ্তমানো বিপদসীমাৰ ওপৰেদি বৈ আছে । শিৱসাগৰ জিলা বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ৷ শিৱসাগৰত ৫৭ হাজাৰৰো অধিক লোক বানত আক্ৰান্ত হোৱাৰ বিপৰীতে গোলাঘাটত ৩৪,০০০ আৰু যোৰহাট ২৫,০০০ লোক বানৰ কৱলত আছে ।
ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বানে ৰাজ্যখনৰ আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন কৰিছে ৷ বিশ্বনাথৰ ব্ৰহ্মজানৰ সমীপৰ ৫টা মথাউৰি আৰু দৰং জিলাৰ মঙলদৈৰ দুটা ডাঙৰ মথাউৰি বানে ছিঙি নিয়ে ৷ চৰাইদেউ চোলাপথাৰত এখন তীখাৰ দলং আৰু ওদালগুৰি টংলাত এখন ফুটব্ৰিজো বানত ক্ষতিগ্ৰস্ত হৈছে ।
প্ৰকাশিত তথ্য অনুসৰি বৰ্তমান ৪৫ টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে য’ত ১২,৩৫৬ জন লোকে আশ্ৰয় গ্ৰহণ কৰিছে । ইয়াৰ উপৰিও ৫৯ টা বিতৰণ কেন্দ্ৰৰ জৰিয়তে ৩২ হাজাৰৰো অধিক লোকক অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছে ।