গুৱাহাটী: ৰাজ্যজুৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অব্যাহত মূল্যবৃদ্ধিক লৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছে সদৌ অসম ছাত্ৰ সন্থা (আছু)-এ। সংগঠনটোৱে অভিযোগ কৰে যে আকাশলংঘী মূল্যবৃদ্ধিয়ে জনসাধাৰণৰ জীৱন-যাপন দুৰ্বিষহ কৰি তুলিছে যদিও চৰকাৰ সম্পূৰ্ণৰূপে নিৰ্লিপ্ত আৰু ব্যর্থ হৈ পৰিছে। শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি সামগ্ৰীৰ দাম হ্ৰাস নকৰিলে গণআন্দোলনৰ পথ ল’বলৈ বাধ্য হ’ব বুলি আছুৱে চৰকাৰক স্পষ্ট সকীয়নি প্ৰদান কৰিছে।
আছুৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এক যৌথ বিবৃতিত কয় যে অবাধ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক চূড়ান্ত সংকটৰ মুখলৈ ঠেলি দিছে। চাউল, দালি, মিঠাতেল, গাখীৰ, শাক-পাচলি আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য দিনক দিনে বৃদ্ধি পাই থকাৰ ফলত মধ্যবিত্ত আৰু নিম্নবিত্ত পৰিয়ালসমূহ গভীৰ সমস্যাৰ সন্মুখীন হৈছে। তেওঁলোকে কয়, “মূল্যবৃদ্ধিয়ে ৰাইজৰ মূৰত মাধমাৰ শোধাইছে। কিন্তু চৰকাৰ নির্বিকাৰ হৈ বহি আছে। আমাৰ স্পষ্ট দাবী— মূল্যবৃদ্ধি ৰোধ কৰক, মূল্য হ্ৰাস কৰক; অন্যথা চৰকাৰক তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ’ব লাগিব।”
আছুৱে অভিযোগ কৰে যে কেৱল খাদ্য সামগ্ৰী নহয়, দৰৱৰ মূল্য বৃদ্ধিয়েও ৰোগী আৰু সাধাৰণ পৰিয়ালসমূহক চূড়ান্ত বিপদত পেলাইছে। চিকিৎসা ব্যয় বৃদ্ধিৰ ফলত বহু পৰিয়াল আৰ্থিকভাৱে ভাঙি পৰাৰ উপক্ৰম হৈছে। ইয়াৰ লগতে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য তিনিহাজাৰ টকা অতিক্ৰম কৰাত সৰু সৰু হোটেল, ৰেষ্টুৰেণ্ট আৰু চাহৰ দোকানসমূহ বন্ধ হোৱাৰ পৰিস্থিতি সৃষ্টি হৈছে বুলি সংগঠনটোৱে উল্লেখ কৰে। শিক্ষানুষ্ঠানৰ হোষ্টেলসমূহতো খাদ্য ব্যয় বৃদ্ধিৰ বাবে হাহাকাৰ পৰিৱেশ সৃষ্টি হোৱা বুলি আছুৱে দাবী কৰিছে।
ইফালে, শেহতীয়াকৈ পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত বজাৰত পুনৰ অগ্নিমূল্য পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি সংগঠনটোৱে কয়। আছুৰ মতে, পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন শেষ হোৱাৰ লগে লগেই ইন্ধনৰ মূল্য বৃদ্ধি পোৱাটোৱে চৰকাৰৰ উদ্দেশ্যক লৈও প্রশ্ন উত্থাপন কৰিছে।
ছাত্ৰ সন্থাই লগতে কয় যে ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্য ইতিহাসৰ সৰ্বনিম্ন স্তৰলৈ অৱনমিত হোৱাটোও দেশৰ অৰ্থনৈতিক অৱস্থাৰ এক চিন্তাজনক দিশ। এনে পৰিস্থিতিৰ মাজতে দেশৰ প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক মিতব্যয়ী হ’বলৈ আহ্বান জনোৱা ঘটনাই দেশৰ অৰ্থনৈতিক সংকটক অধিক স্পষ্ট কৰি তুলিছে বুলি সংগঠনটোৱে মন্তব্য কৰে।
আছুৱে পুনৰ স্পষ্ট কৰি কয় যে মূল্যবৃদ্ধিৰ আতিশয্যই ইতিমধ্যে সীমা চেৰাই গৈছে আৰু সাধাৰণ জনতাই এতিয়া সকাহ বিচাৰিছে। চৰকাৰে যদি শীঘ্ৰে মূল্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে অসমৰ ৰাইজক লগত লৈ আছুয়ে তীব্ৰ গণআন্দোলন গঢ়ি তুলিব বুলি সংগঠনটোৱে হুংকাৰ দিয়ে।