১ আগষ্টত হিতাধিকাৰীসকলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন

কাইলৈ অৰ্থাৎ আগষ্টৰ দিনা মহিলাসকলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন । অসমৰ ৩৭.১ লাখ মহিলাই প্ৰতিমাহৰ ১০ তাৰিখে লাভ কৰা অৰুণোদয় আঁচনিৰ ধন এইবাৰ মাহৰ ১ তাৰিখেই লাভ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ঘোষণা কৰে যে আগষ্ট মাহৰ ১ তাৰিখে অৰুণোদয় আঁচনিৰ ধন মহিলাসকলৰ বেংক একাউণ্টত সোমাব । তেওঁ জনোৱা মতে বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ মহিলা হিতাধিকাৰীয়ে ২৫০০ কৈ টকা আৰু বানৰ দ্বাৰা প্ৰভাৱিত নোহোৱা ৰাজ্যৰ আন প্ৰান্তৰ মহিলা হিতাধিকাৰীয়ে পূৰ্বৰ দৰেই ১২৫০ টকাকৈ লাভ কৰিব । বানাক্ৰান্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ হিতাধিকাৰীসকলে তেওঁলোকৰ পুনৰুদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ বাবে এই মাহত ২৫০০ টকা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে ।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে চৰকাৰে যোগ্য হিতাধিকাৰীৰ বেংক একাউণ্টত পোনপটীয়াকৈ এই ধনৰাশি প্ৰদান কৰিব । মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয় ‘‘আগষ্ট মাহৰ ১ তাৰিখে আমি অৰুণোদয় আঁচনিৰ ধন প্ৰদান কৰিম । ৩৭.১ লাখ মাতৃ আৰু ভগ্নীয়ে ১২৫০ টকাকৈ লাভ কৰিব । বানাক্ৰান্ত অঞ্চলৰ বাবে এই ধনৰাশিৰ পৰিমাণ হ’ব ২৫০০ টকা । এই আঁচনিত সহায়ৰ প্ৰয়োজন হোৱা সকলৰ বাবে আমি অৰুণোদয় সহায়কো নিয়োগ কৰিম ।’’

ইয়াৰ লগতে মুখ্যমন্ত্ৰী শৰ্মাই কয় ‘‘আগষ্ট মাহটো অসমৰ বাবে এক বিশেষ মাহ হ’ব । কিয়নো আমাৰ জনসাধাৰণৰ সেৱাৰ বাবে কেইবাটাও কল্যাণমূলক কাৰ্যসূচীয়ে নতুন গতি লাভ কৰিব এই মাহত ৷’’

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ঘোষণা কৰে যে ৰাজ্য চৰকাৰে ১০ আগষ্টৰ পৰা ৰাজসাহায্যযুক্ত ৰেচন আঁচনি পুনৰুজ্জীৱিত কৰিব, যাৰ অধীনত ৭০ লাখৰো অধিক হিতাধিকাৰীয়ে বিনামূলীয়া ৰেচনৰ সৈতে মাত্ৰ ১০০ টকাত ১ কেজি মছুৰ দাইল আৰু ১ কেজি চেনিৰ লাভ কৰিব ।

Comments (0)
Add Comment