কোকৰাঝাৰ আৰক্ষীয়ে জব্দ কৰিলে প্ৰায় ৫.৮ কোটি টকাৰ ড্ৰাগছ; X যোগে জনালে মুখ্যমন্ত্ৰীয়ে

ড্ৰাগছ মুক্ত অসম গঢ়ি তুলিবলৈ অসম আৰক্ষী তথা অসম চৰকাৰে বৰ্তমানেও অব্যাহত ৰাখিছে অভিযান । অসম আৰক্ষীয়ে ৰাজ্যত মাৰাথনভাৱে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰখাৰ পাচতো কিন্তু ৰাজ্যত একাংশই কূট-কৌশল খটুৱাই অব্যাহত ৰাখিছে নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহ ।

পশ্চিমবংগৰ পৰা অসমলৈ শ্ৰীৰামপুৰ-অসম সংযোগী পথেৰে অসমত প্ৰৱেশৰ চেষ্টা চলাওঁতে ড্ৰাগছসহ দুটা সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় কোকৰাঝাৰ আৰক্ষী । জানিব পৰা মতে, ‘On duty’ লিখা থকা এখন বাহন চলাই ড্ৰাগছ সৰবৰাহকাৰী দুটা আহি থকা অৱস্থাতে কোকৰঝাৰ আৰক্ষীয়ে তালাচী চলায় আৰু সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ আৰক্ষীয়ে লোক দুজনৰ পৰা ২.৯৭ কেজি হেৰ’ইন জব্দ কৰে বুলি জানিবলৈ দিছে ৷ জব্দকৃত এই হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় ৫.৮ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে ৷ আৰক্ষীয়ে সৰবৰাহকাৰী দুটাই ব্যৱহাৰ কৰা বাহনখনো ইতিমধ্যে জব্দ কৰিছে ৷

বুধবাৰৰ সন্ধিয়া কোকৰাঝাৰ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুটাক গ্ৰেপ্তাৰ কৰি ড্ৰাগছবিৰোধী অভিযানত পুনৰ এবাৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীৰ এই অভিযানক প্ৰশংসা কৰি সামাজিক মাধ্যম X ত এক পোষ্ট দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

Comments (0)
Add Comment