Your Mic Your Voice

কাজিৰঙাৰ দুৰ্ঘটনাত আহতসকলৰ কাষত আছু-অসম সেনা, ৰক্তদানৰ যোগান

0

কাজিৰঙাৰ ৰঙাজানত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা যাত্ৰীসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বিভিন্ন দল-সংগঠন। আহতসকলৰ চিকিৎসাৰ বাবে তেজৰ প্ৰয়োজন হ’লে ৰক্তদান কৰিব বুলি ঘোষণা কৰিছে আছু আৰু অসম সেনাই।

আহত লোকসকলক দ্ৰুতভাৱে তেজ যোগান ধৰাৰ বাবে আছুৱে গোলাঘাট আৰু যোৰহাট জিলাৰ বাবে পৃথক যোগাযোগ নম্বৰ মুকলি কৰিছে।

unimex

গোলাঘাটৰ বাবে:70021-92060 / 88226-27206

যোৰহাটৰ বাবে:60002-87291 / 60012-29755

আহত কোনো ৰোগীক যদি ৰাজ্যৰ আন ঠাইৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়, তেন্তে তাতো স্থানীয় আছু কৰ্মীসকলে তৎক্ষণাত তেজৰ ব্যৱস্থা কৰিবলৈ সাজু হৈ আছে।

Leave A Reply

Your email address will not be published.

Translate »