Microsoft Outage ৰ বাবে IndiGo আৰু Air India ৰ Email সেৱা ব্যাহত!
Microsoft ৰ সেৱা ব্যাহত হোৱাৰ প্ৰভাৱ ভাৰতৰ বিমান সেৱাতো পৰিল। শুকুৰবাৰে দেশৰ সৰ্ববৃহৎ বিমান সংস্থা IndiGo য়ে জনাইছে যে Microsoft ৰ বিশ্বব্যাপী বিসংগতিৰ বাবে তেওঁলোকৰ Email Support সেৱা প্ৰভাৱিত হৈছে।
IndiGo য়ে X ত জনাইছে, “Global Microsoft service disruption ৰ বাবে আমাৰ email support সেৱা বৰ্তমান প্ৰভাৱিত হৈছে, আমি আপোনালোকৰ email পাব নোৱাৰিবও পাৰো।” অৱশ্যে বিমান সেৱা স্বাভাৱিক আছে বুলি সংস্থাটোৱে জনাইছে। জৰুৰী সহায়ৰ বাবে যাত্ৰীসকলক 6E Skai ৰ জৰিয়তে Website বা App ত যোগাযোগ কৰিবলৈ কৈছে।

আনফালে Air India য়ে জনাইছে যে তেওঁলোকৰ বিমান সেৱা সম্পূৰ্ণ স্বাভাৱিক আছে। Microsoft Outage ৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে বুলি কৈ Air India য়ে কয়, “আমি email সমূহ অস্থায়ীভাৱে reroute কৰিছো, যাতে প্ৰতিটো message আমাৰ ওচৰলৈ আহি থাকে। আমি সকলো email ২৪ ঘণ্টাৰ ভিতৰতে উত্তৰ দি আছো।”
একেদৰে Akasa Air ৰো Email সেৱাত পলম হৈছে।
বৃহস্পতিবাৰে নিশাৰ পৰা Microsoft ৰ Outlook, Teams, Copilotকে ধৰি ১৯ টা সেৱা বিশ্বজুৰি ব্যাহত হৈছে। Microsoft এ জনোৱা মতে, কোনো Cyber Attack হোৱা নাই, কেইটামান Server হঠাতে বন্ধ হৈ যোৱাৰ বাবেই এই সমস্যা হৈছে।