যোৰহাটৰ তৰাজান শ্মশানত ভাৰতৰ প্ৰথম অত্যাধুনিক তাপীয় ৰূপান্তৰ যন্ত্ৰ স্থাপন
যোৰহাটৰ তৰাজান শ্মশানত ভাৰতৰ ভিতৰত প্ৰথম অত্যাধুনিক তাপীয় ৰূপান্তৰ যন্ত্ৰ স্থাপন কৰা হৈছে। কম সময়তে মৃতদেহ সৎকাৰৰ এই আধুনিক ব্যৱস্থাই তৰাজান শ্মশানৰ আধুনিকীকৰণৰ দিশত এক নতুন অধ্যায়ৰ সূচনা কৰিলে।
লায়ন্স ক্লাব অৱ যোৰহাট গ্ৰেটাৰৰ উদ্যোগত স্থাপন কৰা এই যন্ত্ৰটো আজি আনুষ্ঠানিকভাৱে ৰাইজৰ নামত উচৰ্গা কৰে লায়ন্স ইণ্টাৰনেশ্যনেলৰ ডিষ্ট্ৰিক্ট ৩২২D-ৰ জিলা গৱৰ্ণৰ লায়ন ডাঃ নীনা দত্তই।

অনুষ্ঠানত CSIR-NEIST, যোৰহাটৰ সঞ্চালক ডাঃ ভি. এম. তিৱাৰীসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
এই অত্যাধুনিক যন্ত্ৰৰ জৰিয়তে কম সময়তে, পৰিষ্কাৰ আৰু পৰিৱেশ অনুকূল পদ্ধতিৰে মৃতদেহৰ সৎকাৰ সম্পন্ন কৰিব পৰা যাব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।
তৰাজান শ্মশানৰ আধুনিকীকৰণ আৰু উন্নত সৎকাৰ ব্যৱস্থাৰ দিশত এই পদক্ষেপ এক উল্লেখযোগ্য সংযোজন হিচাপে বিবেচিত হৈছে।