Your Mic Your Voice

কোচ-ৰাজবংশীৰ তিনিটা দাবীৰে শেৰফাংগুৰীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, ২৮ নৱেম্বৰত মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকৰ সম্ভাৱনা

0

কোকৰাঝাৰ, ১১ নৱেম্বৰ:

কোচ-ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া তিনিটা মূল দাবীৰ সমৰ্থনত পুনৰ পথলৈ ওলাই আহিল কামতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল (ডেমক্ৰেটিক) – KSDC(D)।

আজি কোকৰাঝাৰ জিলাৰ শেৰফাংগুৰীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।

কি কি দাবী?

unimex

১. কোচ-ৰাজবংশী জনগোষ্ঠীক অনুসূচিত জনজাতি (ST)ৰ মৰ্যাদা প্ৰদান
২. ভাৰতীয় সংবিধানৰ আধাৰত পৃথক কামতাপুৰ ৰাজ্য গঠন
৩. কোচ-ৰাজবংশী ভাষাৰ স্বীকৃতি আৰু সুৰক্ষা

দীৰ্ঘদিন ধৰি এই দাবীসমূহ উত্থাপন কৰি অহাৰ পিছতো কোনো স্থায়ী সমাধান নোলোৱাত চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী লোৱা বুলি সংগঠনটোৱে জনায়।

প্ৰশাসনৰ আমন্ত্ৰণ:

ইফালে প্ৰতিবাদৰ মাজতে কোকৰাঝাৰ জিলা প্ৰশাসনে পত্ৰযোগে KSDC(D)ক আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে। অহা ২৮ নৱেম্বৰ, ২০২৬ তাৰিখে সংগঠনটোৰ প্ৰতিনিধি দলৰ সৈতে অসমৰ মুখ্যমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

এতিয়া সকলোৰে দৃষ্টি সেই বৈঠকৰ ওপৰত। মুখ্যমন্ত্ৰীৰ সৈতে হ’বলগীয়া বৈঠকত এই দীৰ্ঘদিনীয়া দাবীসমূহক লৈ কি সিদ্ধান্ত হয়, সেয়াই হ’ব লক্ষণীয়।

Leave A Reply

Your email address will not be published.

Translate »